পুৰণিকলীয়া পৰম্পৰা  ধৰি ৰখা প্ৰয়াসঃ মথুৰাপুৰত বয়োজ্যেষ্ঠ একত্ৰিত হৈ অনুষ্ঠিত কৰিলে কড়ি খেল

আধুনিকতাৰ ধামখুমীয়াত ক্ৰমাৎ হেৰাই যাব ধৰা পৰম্পৰাক ধৰি ৰখা প্ৰয়াস কৰিছে চৰাইদেউ জিলা বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ ৰাইজে

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
পুৰণিকলীয়া পৰম্পৰা  ধৰি ৰখা প্ৰয়াসঃ

ডিজিটেল সংবাদ, মথুৰাপুৰ : আধুনিকতাৰ ধামখুমীয়াত ক্ৰমাৎ হেৰাই যাব ধৰা পৰম্পৰাক ধৰি ৰখা প্ৰয়াস কৰিছে চৰাইদেউ জিলা বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ ৰাইজে ৷ উল্লেখ্য যে, বিজ্ঞান প্ৰযুক্তিৰ দ্ৰুত আগ্ৰাসনে সকলোকে চেপি ধৰাৰ হেতু অসমীয়া সমাজত যুগ যুগ ধৰি প্ৰচলিত হৈ অহা বহু ৰীতি-নীতি তথা পৰম্পৰাগত খেল-ধেমালি আমাৰ সমাজৰ পৰা হেৰাই যোৱা উপক্ৰম হৈছে ৷

তথাপি কিছু পুৰণি পৰম্পৰাগত খেল-ধেমালি ঠায়ে ঠায়ে সংকটৰ মাজেৰে হ'লেও জীয়াই ৰখা পৰিলক্ষিত হৈছে ৷ তেনে কিছু পুৰণি পৰম্পৰাগত খেল আজিও ঠাই বিশেষে বিদ্যমান ৷

অসমীয়া সমাজৰ তেনে এক পুৰণি তথা থলুৱা খেল হ'ল কড়ি খেল ৷ সম্প্ৰতি বিলুপ্ত হ'ব ধৰা এই খেলবিধ ৰঙালী বিহুৰ প্ৰাক্ মুহূৰ্তত অথবা চ'ত মাহৰ পৰা আৰম্ভ কৰি বিহুৰ উৰুকাৰ নিশালৈকে এই খেলবিধ খেলাৰ প্ৰচলন হৈ আহিছে উজনি অসমৰ বিভিন্ন ঠাইত ৷

পুৰণি পৰম্পৰা ৰক্ষা কৰি মথুৰাপুৰৰ গ্ৰামাঞ্চলসমূহত চ'ত মাহৰ মাজভাগৰ পৰা বিহুৰ উৰুকালৈকে প্ৰতি দিনাই সন্ধিয়া গাঁৱৰ ডেকা-বুঢ়া, কিশোৰ- যুৱক সকলে একত্ৰিত হৈ কড়ি খেল অনুষ্ঠিত কৰি আহিছে ৷ সময়ৰ সোঁত হেৰাই যাবলৈ ধৰা পৰম্পৰাগত এই কড়ি খেলে নতুন প্ৰজন্মক চিনাকি কৰি দিয়া প্ৰয়াস কৰি মথুৰাপুৰ ভকত গাঁও বয়োজ্যেষ্ঠ লোকে সকলে এই খেল অনুষ্ঠিত কৰি আহিছে ৷

মথুৰাপুৰ