সঁচা হ’ল অসমীয়া প্ৰতিদিন ডিজিটেলৰ খবৰ :  বি চি চি আইৰ সচিব পদত প্ৰথমবাৰৰ বাবে এজন অসমীয়া

প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলুৱৈ দেৱজিৎ লন শইকীয়া ইয়াৰ পূৰ্বে বি চি চি আইৰ যুটীয়া সচিবৰ দায়িত্বত আছিল। ইয়াৰ পূৰ্বে তেওঁক ইতিমধ্যে আই চি চিৰ ব’ৰ্ড অৱ ডাৰেক্টৰ্ছৰ ভাৰতৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰা হৈছে

author-image
Asomiya Pratidin
New Update
sg

ডিজিটেল ডেস্ক : অসমীয়া প্ৰতিদিন ডিজিটেলৰ বাতৰি সঁচা প্ৰমাণিত হ’ল। প্ৰথমবাৰৰ বাবে কোনো এজন অসমীয়া অধিষ্ঠিত হ’ল ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিব পদত । জয় শ্বাহে আই চি চিৰ অধ্যক্ষৰ দায়িত্ব ১ ডিচেম্বৰত গ্ৰহণ কৰাৰ পাছত তেওঁ পূৰ্বতে অধিষ্ঠিত হৈ থকা বি চি চি আইৰ সচিব পদটো খালী হৈছিল। সেয়েহে বি চি চি আইৰ সভাপতি ৰ’জাৰ বিন্নীয়ে এই পদৰ ভাৰপ্ৰাপ্ত দায়িত্ব অসমৰ দেৱজিৎ লন শইকীয়াৰ হাতত অৰ্পণ কৰে।

Advertisment

প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলুৱৈ দেৱজিৎ লন শইকীয়া ইয়াৰ পূৰ্বে বি চি চি আইৰ যুটীয়া সচিবৰ দায়িত্বত আছিল। ইয়াৰ পূৰ্বে তেওঁক ইতিমধ্যে আই চি চিৰ ব’ৰ্ড অৱ ডাৰেক্টৰ্ছৰ ভাৰতৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰা হৈছে। বি চি চি আইৰ সংবিধান অনুসৰি পৰৱৰ্তী পূৰ্ণাংগ সচিব নিৰ্বাচন নকৰালৈকে প্ৰায় ৭ মাহ এই পদত থাকিব দেৱজিৎ লন শইকীয়া।

অসমীয়া প্ৰতিদিন ডিজিটেলে ইতিমধ্যে এজন অসমীয়া কিদৰে বি চি চি আইৰ সচিব পদত অধিষ্ঠিত হোৱাৰ সম্ভাৱনা আছে, এই সম্ভাৱনা সন্দৰ্ভত এক বিস্তৃত প্ৰতিবেদন প্ৰকাশ কৰিছিল। কেৱল ভাৰপ্ৰাপ্তই নহয়, এজন পূৰ্ণ পৰ্যায়ৰ বি চি চি আইৰ সচিব পদতো অধিষ্ঠিত হোৱাৰ বাট মুকলি হ’ল দেৱজিৎ লন শইকীয়াৰ।

bcci