ডিজিটেল ডেস্ক : বি চি চি আইৰ দৰে বিশ্বৰে এটা শক্তিশালী আৰু আভিজাত ক্ৰীড়া সন্থাৰ মুৰব্বী পদত এজন অসমীয়া অধিষ্ঠিত হোৱাৰ বাট মুকলি হোৱাৰ সম্ভাৱনাই দেখা দিছে। সকলো ঠিকে- ঠাকে থাকিলে সেই গৰাকী অসমীয়াই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আইৰ পৰৱৰ্তী সচিব পদত অধিষ্ঠিত হোৱাৰ সুযোগ আহিছে।
ভাৰতীয় জাতীয় দলত ৰিয়ান পৰাগ আৰু উমা চেত্ৰীৰ দৰে খেলুৱৈয়ে স্থান লাভ কৰাৰ পাছত এনে সুযোগে ক্ৰিকেটৰ ক্ষেত্ৰখনত উত্তৰ- পূৰ্বাঞ্চলৰ বাবে নতুন দিগন্ত সূচনা হোৱাৰ পূৰ্ণ অৱকাশ আছে। এই ক্ষেত্ৰত বিশেষভাৱে অৱশ্যে পৃষ্ঠপোষকতা আৰু উদ্যোগ গ্ৰহণ কৰিব লাগিব অসমৰ আন এজন ক্ষমতাশালী ৰাজনীতিবিদে।
সমগ্ৰ দেশত এইগৰাকী ৰাজনীতিবিদৰ থকা জনপ্ৰিয়তা আৰু বি চি চি আইৰ বৰ্তমানৰ মুৰব্বীগৰাকীৰ সৈতে থকা সৌহাদ্যপূৰ্ণ সম্পৰ্কই এই সপোনক বাস্তৱৰ ৰূপ দিব পাৰে ! শেহতীয়াকৈ ১ ডিচেম্বৰ ২০২৪ত আই চি চিৰ মুৰব্বী পদত অধিষ্ঠিত হ’ল বি চি চি আইৰ বৰ্তমানৰ সচিব জয় শ্বাহ।
গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহে এই দায়িত্ব গ্ৰহণ কৰাৰ পাছত ২০২৫ৰ মাজভাগত খালী হ’ব তেওঁ বৰ্তমান গ্ৰহণ কৰি থকা বি চি চি আইৰ সচিবৰ পদটো। ইতিমধ্যে সেই পদৰ উত্তৰসূৰী কোন হ’ব তাকলৈ গুণাগাঁথা চলিছে।
এই দৌৰত আছে বৰ্তমান বিভিন্ন ৰাজ্যিক ক্ৰিকেট সন্থাৰ মুৰব্বী পদত থকা কেইবাগৰাকীও ক্ৰিকেট প্ৰশাসকৰ নাম। সমান্তৰালভাৱে উচ্চাৰিত হৈছে অসমৰ এজন ক্ৰিকেট খেলুৱৈ তথা বি চি চি আইৰ যুটীয়া সচিব পদত থকা এজন বিশেষ ব্যক্তিৰ নাম।
অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়াৰ নাম এই পদৰ বাবে উপযুক্ত বুলি ৰাজ্যৰ বাহিৰৰ কেইবাটাও ক্ৰিকেট সন্থাৰ মাজত আলোচনা চলিছে। একালৰ ৰঞ্জী খেলুৱৈ তথা অসম ক্ৰিকেট এছ’ছিয়েছনক সন্মুখৰ পৰা নেতৃত্ব দি বৰ্তমান বি চি চি আইৰ গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈ থকা দেৱজিৎ লন শইকীয়া মুখ্যমন্ত্ৰীৰো ঘনিষ্ঠ।
যি সময়ত ক্ৰীড়া সংগঠনবোৰৰ নেতৃত্বৰ দায়িত্ব উপযুক্ত ক্ৰীড়া খেলুৱৈ তথা ক্ৰীড়া সংগঠকক দিব লাগে বুলি আলোচনা চলিছে, সেই সময়ত দেৱজিৎ লন শইকীয়া বি চি চি আইৰ পৰৱৰ্তী সচিবৰ বাবে এক উপযুক্ত নাম বুলি দেশৰ বিভিন্ন পৰ্যায়ৰ ক্ৰিকেট সংগঠকসকলে সহমতপোষণ কৰিছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠতা আছে গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে। অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহৰ সৈতেও মুখ্যমন্ত্ৰীৰ আছে সু-সম্পৰ্ক। তেনে প্ৰেক্ষাপটত জয় শ্বাহৰ পৰা দেৱজিৎ লন শইকীয়াক এই পদত প্ৰক্ষেপ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সমৰ্থন আদায় কৰিলেই এজন অসমীয়াক বি চি চি আইৰ মুৰব্বী পদত অধিষ্ঠিত কৰাত কোনো অসুবিধা নাথাকে।
সেয়েহে ক্ৰিকেটৰ খবৰ ৰখা মহলে এই বিষয়টো এক ইতিবাচক দিশ বুলিয়েই গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই উদ্যোগ লোৱাতো কামনা কৰিছে। দেশৰ ক্ৰীড়া ইতিহাসতেই কোনো এজন অসমীয়া এই পদত অধিষ্ঠিত হ’লে, এয়াও হ’ব অসমীয়া জাতি তথা উত্তৰ- পূৰ্বাঞ্চলৰ বাবে এক মাইলৰ খুঁটি।
অঞ্চলটোত সমাহাৰ ঘটা ক্ৰিকেটৰ প্ৰতিভাধাৰীসকলক বিকাশ আৰু জাতীয় দলত প্ৰতিনিধিত্ব কৰাৰ ক্ষেত্ৰত এজন অসমীয়া এনে গুৰু দায়িত্বত থাকিলে বহু দিশতে সুবিধা হ’ব। সেয়েহে মুখ্যমন্ত্ৰী ড০ শৰ্মাক যাৱতীয় উদ্যোগ গ্ৰহণৰ লগতে অসম ক্ৰিকেট এছ’ছিয়েছনকো এনে দিশত চিন্তা- চৰ্চা কৰিবলৈ সচেতন মহলে অনুৰোধ জনাইছে।