সমাগত ৰাখী বন্ধন। সংস্কৃতত ইয়াৰ অৰ্থ সুৰক্ষা নিশ্চিতকৰণৰ বাবে বান্ধোন। এই ৰাখীডালৰ বান্ধোনতে বান্ধ খাই থাকে ভাতৃ-ভগ্নীৰ মাজৰ মৰম-চেনেহ,একতা, দায়িত্ববোধ আৰু ৰক্ষণশীলতা। হিংসা-ধৰ্ষণ-হত্যাৰে জৰ্জৰিত বৰ্তমানৰ সমাজখনলৈ ৰাখী বন্ধনৰ দৰে উৎসৱে কঢ়িয়াই আনক ভাতৃত্ববোধ সেই কামনাৰে চয়নিকা শইকীয়াৰ এই প্ৰতিবেদন...
ভাতৃ-ভগ্নীৰ পবিত্ৰ সম্পৰ্কৰ প্ৰতীক "ৰাখী বন্ধন"। হিন্দীত এই উৎসৱক "रक्षाबंधन" বুলি কোৱা হয়। ইয়াৰ আক্ষৰিক অৰ্থ হৈছে ৰক্ষাৰ বান্ধোন। অৰ্থাৎ ভগ্নীয়ে ভাতৃৰ হাতত বান্ধা ৰাখীটোৱে তেওঁক কবচৰ দৰে সুৰক্ষা প্ৰদান কৰে। লগতে ভাতৃয়েও ভগ্নীক নিৰাপত্তাৰ আশ্বাস দিয়ে।
প্ৰতি বছৰে শাওণ মাহৰ পূৰ্ণিমা তিথিত হিন্দু,জৈন,শিখ আদি সকলোৱে ৰাখী বন্ধন পালন কৰে। এই ৰাখীডালৰ মাজতে লুকাই থাকে ভাতৃ-ভগ্নীৰ মাজৰ মৰম-ভালপোৱাৰ লগতে ইজনৰ আনজনৰ বাবে মঙ্গলকামনা আৰু আজীৱন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/9246bfa6-3c33-4a31-b576-e42247acf947/raksha-bandhan-2020-images.jpg)
চলিত বৰ্ষত ১৯ আগষ্ট মঙলবাৰে দিনা ৰাখী বন্ধন পালন কৰা হব। মঙলবাৰে পূৰ্ণিমা তিথি,সেইদিনা দুপৰীয়াৰ পৰা আবেলি ৰাখী বন্ধন উদযাপনৰ শুভ সময়। উল্লেখ্য যে,ভদ্ৰা কালছোৱাত কোনোৱে নিজ ভাতৃক ৰাখী নাবান্ধিবলৈ পৰামৰ্শ দিছে জ্যোতিষ শাস্ত্ৰই। দৰাচলতে ভদ্ৰা কালছোৱাক যিকোনো ভাল কামৰ ক্ষেত্ৰত অশুভ বুলি গণ্য কৰা হয়।
জ্যোতিষীসকলৰ মতে, এইবাৰ ৰাখীৰ দিনা প্ৰায় ৯০ বছৰৰ পাছত ৪টা শুভ কাকতালীয়া ঘটনা সংঘটিত হৈছে। এই যোগবোৰত ৰক্ষা বন্ধন উদযাপন কৰিলে জীৱনত সুখ আৰু সমৃদ্ধি পোৱা যায়।
এইখিনিতে উল্লেখ কৰাটো প্ৰয়োজন যে, চলিত বৰ্ষৰ ১৮ আগষ্টৰ দিনা দুপৰীয়া ২:২১ বজাৰ পৰা ভদ্ৰা কাল আৰম্ভ হব। ইয়াৰ অন্ত পৰিব ১৯ আগষ্টৰ ১:২৪ বজাত। সেয়ে ১৯ আগষ্টৰ দিনা ১:২৪ বজাৰ পাছত ৰাখী বন্ধন পালনৰ শুভ সময় বুলি জ্যোতিষ শাস্ত্ৰই উল্লেখ কৰিছে।
ৰাখী বন্ধন কেতিয়াৰ পৰা আৰম্ভ হ'ল সেই সন্দৰ্ভত সঠিক তথ্য কোনেও দিব নোৱাৰে যদিও ৰাখীক লৈ কেইবাটাও পুৰণি আখ্যান আছে। ইয়াৰে শ্ৰী কৃষ্ণ আৰু দ্ৰৌপদীৰ আখ্যান উল্লেখনীয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/8f6cd9c2-db56-4ab3-925b-fd1a586c8cb3/FuU7AHtXgAQQMVl.jpg)
লাহে লাহে সময় সলনি হ'ল। আধুনিক সমাজৰ প্ৰভাৱ এই উৎসৱ সমূহত যোগাত্মকভাৱে পৰা পৰিলক্ষিত হৈছে। ই কমাৰ্চৰ ৱেব চাইড সমূহৰ জৰিয়তে বিদেশত থকা ভাতৃলৈ ৰাখী প্ৰেৰণ কৰা হয়। ইয়াৰোপৰি ভাতৃ-ভগ্নীৰ পবিত্ৰ সম্পৰ্কটোক উদযাপন কৰিবলৈ ভাৰত চৰকাৰেও কিছু ব্যৱস্থা গ্ৰহণ কৰিছে।
দূৰৈত থকা ভাতৃ-ভগ্নী সকলে ৰাখী বন্ধন উদযাপনৰ বাবে ভাৰত চৰকাৰৰ ডাক বিভাগৰ পৰা সুবিধা গ্ৰহণ কৰিব পাৰে। এই সুবিধা কেৱল ৰাখী বন্ধনৰ সময়তে উপলব্ধ। দূৰৈত থকা সম্পৰ্কবোৰ সুদৃঢ় কৰি ৰাখিবলৈ ডাক বিভাগে ৫ টকাত ৫০ গ্ৰাম ওজনৰ ৰাখী আৰু ৫ টকীয়া লেফাফাৰে ৰাখী বন্ধন উদযাপনত সুবিধা কৰি দিছে।
ইয়াৰোপৰি ২০০৭ চনৰ পৰা বৰষুণৰ বতৰত লেফাফাটো বেয়া নহ'বৰ কাৰণে ৱাটাৰপ্ৰুফ লেফাফাৰ ব্যৱস্থা কৰা হৈছে, যাতে ৰাখীডালৰ ক্ষতি নহয়। কাৰণ এডাল ৰঙীণ সূতাতে নিহিত হৈ থাকে ভাতৃৰ প্ৰতি থকা অজস্ৰ মৰম, ভালপোৱা আৰু আশীৰ্বাদ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/40c63611-3b8a-4c41-b0a9-b47bf4adfedc/_130903323_gettyimages-1171757022.jpg)
Also Read: পিআৰচি নিদিয়ে কাৰ্যালয়ে, অন্ধকাৰৰ দিশে কাৰ্বি শিক্ষাৰ্থী...