ছালৰ কৰ্কট ৰোগৰ অন্যতম কাৰক টাটুৰ চিয়াঁহীত থকা ৰাসায়নিক পদাৰ্থ...

ছালৰ কৰ্কট ৰোগৰ অন্যতম কাৰক টাটুৰ চিয়াঁহীত থকা ৰাসায়নিক পদাৰ্থ...
Published on
Updated on

যুৱ প্ৰজন্মৰ মাজত টাটুৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। সকলো ধৰণৰ যুৱক-যুৱতীৰ মাজত টাটু বনোৱা এক নতুন‌ উৎসাহত পৰিণত হৈছে। সকলোৱে বিভিন্ন ধৰণৰ টাটু বনাই দেহৰ বিভিন্ন অংশত। ইয়াৰে কিছুমানে চকুত টাটু বনোৱাও পৰিলক্ষিত হয়। যাৰ বাবে অন্ধ হোৱাৰ দৰে ঘটনাও সংঘটিত হৈছে। দৰাচলতে কিছুমান মানুহে জীৱনটো অলপ বেছিকৈ উপভোগ কৰিব বিচাৰে যিটো ভুল নহয়। কিন্তু জীৱন উপভোগৰ নামত লোৱা কিছুমান সিদ্ধান্তৰ বাবে কিয় ওৰে জীৱন অনুশোচনাত ভূগিবলগীয়া হয় সেই সন্দৰ্ভতে চয়নিকা শইকীয়াৰ এক প্ৰতিবেদন...

সম্প্ৰতি যুৱ প্ৰজন্ম মাজত বিশেষভাৱে চৰ্চিত টাটু ৷ কি যুৱক, কি যুৱতী সকলোৰে নিজ মন পচন্দৰ ছবিৰে দেহত টাটু অংকন কৰে ৷ যুৱ প্ৰজন্মৰ মাজত বহুলভাৱে প্ৰচাৰিত টাটু। সেয়ে আজিকালি টাটু কৰাটো ফেশ্বনৰ এক অংশ হৈ পৰিছে। একাংশৰ টাটুৰ প্ৰতি ইমানেই দুৰ্বলতা যে নিজ নিজ পছন্দৰ ডিজাইন সম্পূৰ্ণ দেহতে ছাপ দি টাটু অংকন কৰি লয় ৷ কিন্তু আপুনি জানেনে যে এই চখে কেতিয়াবা অতি ভয়াৱহ ৰূপ ল’ব পাৰে।

দৰাচলতে টাটুৰ চিয়াহীৰ লগতে আপোনাৰ শৰীৰত সংগোপনে সোমাৱ পাৰে ছালৰ কৰ্কট ৰোগ। এনালিটিকল কেমেষ্টি জাৰ্নেলত প্ৰকাশিত এক অধ্যয়নত দাবী কৰা হৈছে যে টাটুৰ চিয়াহীত থকা ৰাসায়নিক পদাৰ্থবোৰ ছালৰ কৰ্কট ৰোগৰ অন্যতম কাৰণ। ই ৰোগ প্ৰতিৰোধ প্ৰণালী দুৰ্বল কৰাৰ লগতে শৰীৰৰ বহু অংগৰ ক্ষতি কৰে। ইয়াৰোপৰি টাটু কৰা সকলৰ মাজত লিম্ফোমা ২১% বেছি দেখা দিয়ে।

টাটুত ব্যৱহাৰ কৰা কিছুমান ৰঙত কেমিকেলযুক্ত ধাতু আৰু অন্যান্য ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ থাকিব পাৰে ৷ শৰীৰত এই ৰাসায়নিক পদাৰ্থৰ প্ৰৱেশে ৰোগ প্ৰতিৰোধ ক্ষমতাত প্ৰভাৱ পেলাব পাৰে আৰু শৰীৰত কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে ৷

টাটু কৰাৰ সময়ত ছাল ফুলি উঠে ৷ এই প্ৰদাহে ৰোগ প্ৰতিৰোধ ক্ষমতা সক্ৰিয় কৰিব পাৰে আৰু দীৰ্ঘসময়লৈকে এই প্ৰদাহ থাকিলে কেন্সাৰৰ দৰে ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে ৷

টাটু কৰাৰ সময়ত ব্যৱহাৰ কৰা সঁজুলিবোৰ ভালদৰে পৰিষ্কাৰ নকৰিলে হেপাটাইটিছ বি, হেপাটাইটিছ চি আৰু এইচ আই ভিৰ দৰে সংক্ৰমণৰ আশংকা থাকে ৷ এই সংক্ৰমণবোৰ দীৰ্ঘ সময়ৰ বাবে থাকিলে তেজৰ কৰ্কট ৰোগো হ’ব পাৰে ৷ লগতে অন্যান্য স্বাস্থ্যজনিত সমস্যা হোৱাৰো আশংকা থাকে।

কিছুমানৰ টাটুত ব্যৱহাৰ কৰা ৰংবোৰৰ পৰা এলাৰ্জী হ’ব পাৰে ৷ ইয়াৰ ফলত ছালত ৰঙা পৰা, ফুলা আৰু খজুৱতি হ’ব পাৰে ৷ টাটু কৰা সময়ত বা টাটু কৰাৰ পিচত যদি ছালৰ সঠিক যত্ন লোৱা নহয় তেন্তে বেক্টেৰিয়া বা ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনা থাকে ৷ ইয়াৰোপৰি টাটু কৰাৰ পিছত ছালত ৰিংৱৰ্ম থাকিব পাৰে ৷

সেয়ে টাটু কৰাৰ পূৰ্বে সাৱধান হওঁক। পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি মনোযোগ দি অভিজ্ঞ আৰু অনুজ্ঞাপত্ৰ প্ৰাপ্ত টাটু আৰ্টিষ্টৰ দ্বাৰা হে টাটু অংকন কৰক ৷ অংকনৰ পূৰ্বে টাটুত ব্যৱহাৰ কৰা ৰঙৰ বিষয়ে জ্ঞাত হব লগতে নিশ্চিত হওঁক যে সেইবোৰ নিৰাপদ ৷ টাটু কৰাৰ পিছত ছালৰ যত্নৰ নিৰ্দেশনা মানি চলক যাতে সংক্ৰমণৰ পৰা হাত সাৰিব পাৰে ৷ যদি কিবা সমস্যা হয় তেন্তে লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰক ৷

সাধাৰণতে বহুতে আজিকালি সৌন্দৰ্যতা বৃদ্ধিৰ বাবে টাটু কৰা পৰিলক্ষিত হয় যাৰ ফলত বিপজ্জনক ৰোগৰ আশংকা ক্ৰমাৎ বৃদ্ধি পাব পাইছে ৷ শেহতীয়াকৈ এই সন্দৰ্ভত বহু গৱেষণাত বিভিন্ন তথ্য পোহৰলৈ আহিছে। সেয়ে টাটু কৰাৰ পূৰ্বে পুনৰ এবাৰ চিন্তা কৰক। ফেশ্চন নে সুস্থ শৰীৰ- সিদ্ধান্ত আপোনাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in