"ভাগ্য বেয়া, দিন-কাল বেয়া হোৱা বাবে ৰোগীয়া হৈছো" - এই কথাসাৰৰ কিমান যুক্তি যুক্ততা আছে সেই বিষয়ে আমি সকলোৱে জ্ঞাত। নিজ শৰীৰটোৰ প্ৰতি যত্নৱান হৈ খোৱা-বোৱাৰ প্ৰতি সচেতন হ’লে আমি সুস্থভাৱে জীৱন-যাপন কৰিব পাৰো। জিভাৰ তৃপ্তিৰ বাবে সেৱন কৰা কিছুমান খাদ্যই আমাৰ শৰীৰত কিমান ক্ষতি কৰিব পাৰে সেই সন্দৰ্ভত চয়নিকা শইকীয়াৰ এই প্ৰতিবেদন...
মিঠাই, কালাকনৰ সোৱাদ কেতিয়াও পাহৰিব নোৱাৰা। মিঠা সোৱাদে আমাৰ মুখত এক বেলেগ অনুভৱৰ সৃষ্টি কৰে। কিন্তু অধ্যাধিক সকলো বস্তু বেয়া। সেইদৰে চেনীও। আপুনি জানেনে, অতিৰিক্ত চেনি সেৱন আমাৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক হ’ব পাৰে। গতিকে আমি খাদ্যত চেনিৰ পৰিমাণ কমাই স্বাস্থ্যসন্মত বিকল্প বাছি লৈ চেনিৰ বেয়া প্ৰভাৱৰ পৰা হাত সাৰিব পাৰো।
২০২৩ চনৰ NCBIৰ এটি প্ৰতিবেদন অনুসৰি অত্যাধিক চেনিৰ সেৱনে মানৱ শৰীৰত মেদবহুলতা, বিপাকীয় বিকাৰ,মধুমেহ,হৃদযন্ত্ৰৰ ৰোগ,কৰ্কট,হতাশা আৰু জ্ঞানশক্তিৰ অক্ষমতাৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ NCBIৰ তথ্যৰ পৰা অনুমান কৰিব পাৰি যে খাদ্যত অত্যাধিক চেনি খোৱাৰ ফলত মানুহৰ স্বাস্থ্য আৰু জীৱনশৈলীৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে।
চেনি দৰাচলতে হয় কি আৰু চেনি খোৱাটো আমাৰ বাবে কিয় ক্ষতিকাৰক-
চেনি হৈছে প্ৰাকৃতিকভাৱে পোৱা কাৰ্বহাইড্ৰেট। ইয়াক প্ৰধানকৈ কুঁহিয়াৰৰ পৰা নিষ্কাশন কৰা হয়। আমাৰ শৰীৰক শক্তি প্ৰদান কৰিবলৈ চেনি প্ৰয়োজনীয় যদিও ইয়াৰ অত্যাধিক সেৱন আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।
চেনিৰ পাৰ্শ্বক্ৰিয়া সমূহ এনে ধৰণৰ-
মেদবহুলতা: অত্যাধিক চেনি সেৱনে শৰীৰত মেদবহুলতাৰ সমস্যাৰ সৃষ্টি কৰে। চেনিৰ কেলৰিৰ পৰিমাণ অতি বেছি, যাৰ ফলত ওজন বৃদ্ধি পায়।
ডায়েবেটিছ: অত্যাধিক চেনি সেৱনৰ ফলত মধুমেহ ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় । চেনিয়ে ৰক্তশৰ্কৰাৰ মাত্ৰা বৃদ্ধি কৰে, যাৰ ফলত শৰীৰত ইনচুলিন উৎপাদন কমি যায় ।
হৃদৰোগ: অত্যাধিক চেনি সেৱনে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। চেনিয়ে বেয়া কলেষ্টেৰল বৃদ্ধি কৰে আৰু ৰক্তচাপ বৃদ্ধি কৰে, যিটো হৃদযন্ত্ৰৰ বাবে ক্ষতিকাৰক ।
দাঁতৰ সমস্যা: অত্যাধিক চেনি সেৱনে দাঁতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে । চেনিয়ে মুখত বেক্টেৰিয়া বৃদ্ধি কৰে, যাৰ ফলত দাঁতত ফুটা আৰু দাঁতৰ গুৰিৰ ৰোগৰ সৃষ্টি কৰিব পাৰে ।
শক্তিৰ মাত্ৰা হ্ৰাস: চেনি খোৱাৰ পিছত প্ৰথম অৱস্থাত শক্তিৰ মাত্ৰা বৃদ্ধি পায় যদিও কিছু সময়ৰ পিছত কমি যায় ।
ছালৰ সমস্যা: অত্যাধিক চেনি সেৱনৰ ফলত ছালৰ সমস্যা যেনে ব্ৰণ আৰু বলিৰেখাৰ সৃষ্টি হ’ব পাৰে ।
উল্লেখ্য যে,চেনিৰ বিভিন্ন উপকাৰ থাকিলেও বিশ্ব স্বাস্থ্য সংস্থাই কিন্তু এজন মানুহক চেনিৰ পৰিমাণ যিমান পাৰে কমাবলৈ পৰামৰ্শ প্ৰদান কৰিছে। সংস্থাৰ মতে, এজন ব্যক্তিয়ে প্ৰতিদিনে খাদ্যত ২৫ গ্ৰাম চেনি গ্ৰহণ কৰিলে ভাল। সেয়ে পানীয়ত চেনি কম কৰক। চ’ডা, পেকেটৰ ৰস আৰু অন্যান্য মিঠাযুক্ত পানীয়ৰ পৰিমাণ কম কৰক। লগতে ফাষ্টফুড তথা বিভিন্ন পেকেটত উপলব্ধ খাদ্য খোৱাটো কমাই দিয়ক ৷
মিঠাই, চকলেট আৰু অন্যান্য মিঠা খাদ্য সেৱনৰ পৰিৱৰ্তে ফলৰ পৰিমাণ বৃদ্ধি কৰক। ফলত প্ৰাকৃতিক মিঠা থাকে । ফলৰ ইয়াৰ পৰিমাণ বৃদ্ধি কৰি আপুনি আপোনাৰ বাবে মিঠাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে। ঘৰতে ৰন্ধা খাদ্য খাওক। বাহিৰৰ খাদ্যত প্ৰায়ে চেনিৰ পৰিমাণ বেছি হয় । সেয়ে ঘৰতে ৰন্ধা খাদ্য খাব লাগে । চেনিৰ সলনি মৌ, গুড় বা ষ্টেভিয়া ব্যৱহাৰ কৰিব পাৰে।
সমান্তৰালকৈ খাদ্যত নিমখৰ গুৰুত্ব সকলোৱে জানে। ব্যঞ্জন যিমানেই ভাল নহওঁক কিয়, তাত পৰ্যাপ্ত পৰিমাণৰ নিমখ নাথাকিলে তাৰ সোৱাদ কোনেও ভাল নাপায় । শাক-পাচলি, ফল-মূল, মাংস, শস্য এই সকলোবোৰতে প্ৰচুৰ পৰিমাণে নিমখ থাকে। পেশীৰ সংকোচন আৰু শিথিলতাত নিমখ উপযোগী।
ই স্নায়ু উদ্দীপিত আৰু স্নায়ুক সংকেত প্ৰেৰণ কৰাত সহায় কৰে । চিকিৎসকে কয় যে, নিমখ আমাৰ শৰীৰৰ বাবে উপকাৰী যদিও ইয়াৰ অতিৰিক্ত সেৱনে বহু দীৰ্ঘদিনীয়া ৰোগৰ সূত্ৰপাত ঘটাব পাৰে। নিমখৰ অত্যাধিক ব্যৱহাৰৰ ফলত বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে।
উচ্চ ৰক্তচাপ: চিকিৎসকৰ মতে, শৰীৰত নিমখৰ পৰিমাণ বাঢ়িলে ৰক্তচাপত গুৰুতৰ প্ৰভাৱ পৰে। বেছিকৈ নিমখ খালে ৰক্তচাপ বৃদ্ধি হোৱাৰ লগতে উচ্চ ৰক্তচাপৰ সমস্যাই দেখা দিব পাৰে। National Institute of Healthৰ প্ৰতিবেদন অনুসৰি অধিক নিমখ সেৱনৰ ফলত মূৰৰ বিষ, মূৰ ঘূৰোৱা, হৃদস্পন্দন দ্ৰুত হোৱা আদিও দেখা গৈছে।
সঘনাই প্ৰস্ৰাৱ অহা: কোৱা হয় যে অত্যাধিক নিমখ সেৱনৰ বাবে সঘনাই প্ৰস্ৰাৱ কৰিবলৈ যাবলগীয়া হয়। ইয়াৰ উপৰিও প্ৰস্ৰাৱৰ ৰঙো ক’লা হৈ পৰে আৰু ইয়াৰ পৰিমাণো কমি যায়। ফলত বৃক্কৰ ওপৰত চাপ বাঢ়ি যায় আৰু ই অধিক কাম কৰিবলগীয়া হয় লগতে দেহত পানীৰ অভাৱ হ’বলৈ ধৰে৷
ক্লান্তি আৰু দুৰ্বলতা: চিকিৎসকৰ মতে, বেছিকৈ নিমখ সেৱন কৰিলে শৰীৰ দুৰ্বল আৰু ভাগৰুৱা হ’ব পাৰে। লগতে ব্যক্তিগৰাকী নিজৰ কামত মনোনিৱেশ কৰিবলৈ সক্ষম নহয় । ইয়াৰ ফলত শৰীৰৰ ভাৰসাম্য বিঘ্নিত হ’ব পাৰে বুলিও সকীয়াই দিয়ে।
শৰীৰত প্ৰদাহ বৃদ্ধি: চিকিৎসকৰ মতে, অত্যাধিক নিমখ সেৱন কৰিলে শৰীৰত পানী জমা হয়। ফলত হাত, ভৰি, মুখ আৰু ভৰিত প্ৰদাহ হ’ব পাৰে। বেছিকৈ নিমখ খালে বাৰে বাৰে পিয়াহ লাগিব পাৰে।
বিশেষজ্ঞৰ পৰা পোৱা তথ্য অনুসৰি, এই ৰোগবোৰৰ পৰা হাত সাৰিবলৈ আমি আমাৰ খাদ্যত থকা নিমখৰ পৰিমাণ কমাই দিব লাগে । ইয়াৰ লগতে সতেজ ফল-মূল আৰু শাক-পাচলি খাব লাগে, ইয়াত থকা প্ৰাকৃতিক নিমখ শৰীৰৰ বাবে উপকাৰী। চিকিৎসকৰ মতে, পৰ্যাপ্ত পৰিমাণে পানী খালে শৰীৰৰ পৰা অতিৰিক্ত নিমখ আঁতৰি যায়।