ঢেকীয়া-ঔটেঙা-মাছ,কচু-জালুক মুৰ্গীৰ জোল, বুজাইহে বুজিব ইয়াৰ মোল...

ঢেকীয়া-ঔটেঙা-মাছ,কচু-জালুক মুৰ্গীৰ জোল, বুজাইহে বুজিব ইয়াৰ মোল...

এতিয়া কচু-ঢেকীয়াকলৈও হৈছে গৱেষণা। আন শাক-পাচলিতকৈ কচু-ঢেকীয়াত বহু বেছি পৰিমাণে থাকে আমাৰ দেহৰ বাবে প্ৰয়োজনীয় মৌল আৰু উপাদান। ভাজি খোৱা ঢেকীয়া শাকে দেহত পৰ্যাপ্ত প্ৰ'টিন যোগান ধৰে। কচু-ঢেকীয়াৰ উপকাৰিতাক লৈ চয়নিকা শইকীয়াৰ বিশেষ প্ৰতিবেদন..

কচু-ঢেকীয়াৰ এতিয়া ভাল বজাৰ। বাৰীৰ চুকত গজা এই দুবিধ শাকে দিয়ে সুস্বাস্থ্যৰ বতৰা।কুমলীয়া ঔটেঙা-পুঠি মাছ আৰু ঢেকীয়াৰ আঞ্জাখনৰ জুতি পাহৰিব নোৱাৰা। কুকুৰা মাংস আৰু কচু শাকৰ জালুক দি ৰন্ধা ব্যঞ্জন সোৱাদ সুকীয়া।

আন শাক-পাচলিতকৈ কচু-ঢেকীয়াত বহু বেছি পৰিমাণে থাকে আমাৰ দেহৰ বাবে প্ৰয়োজনীয় মৌল আৰু উপাদান। ভাজি খোৱা ঢেকীয়া শাকে দেহত পৰ্যাপ্ত প্ৰ'টিন যোগান ধৰে।

এসময়ৰ মানুহৰ ধাৰণা আছিল কচু-ঢেকীয়া মানে দুখীয়াৰ খাদ্য।ঘৰত খাবলৈ একো নথকাসকলে খাই কচু-ঢেকীয়া।পিছে সেয়া ভুল।নিৰোগী হৈ থাকিবলৈ ঢেকীয়া-কচুও হ'ব পাৰে উত্তম শাক। এতিয়া কচু-ঢেকীয়াৰ লৈও হৈছে গৱেষণা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৈৱপ্ৰযুক্তি বিদ্যা বিভাগৰ প্রাক্তন মুৰব্বী অধ্যাপক অৰুণ কুমাৰ সন্দিকৈয়ে কৰা গৱেষণাৰ তথ্যই দিব এই শাক-পাচলি খোৱা লোকক আশাৰ বতৰা।

আমি সাধাৰণতে কচু, ঢেকীয়া জাতীয় সহজতে পোৱা শাক-পাচলিক আওকাণ কৰো যদিও, এনেবোৰ শাকত আছে শৰীৰৰ বাবে প্রয়োজনীয় বহু পুষ্টিকৰ উপাদান। সেয়ে কথাতেই কয়- 'কচু খাবা ওলাওঁতে, কচু খাবা সোমাওঁতে’ অৰ্থাৎ কচু প্ৰথম ওলাওতে আৰু সোমাওতে থুৰিৰ সৈতে থন ধৰি উঠে। সেই সময়ত জলবায়ুৰ প্ৰভাৱত কচুৰ ঔষধি গুণ বৃদ্ধি পায়।ইয়াৰোপৰি ব’হাগ মাহত নতুনকৈ ওলোৱা কচুথোৰ পাতত দি বেলেগ এটা জুতি ল’ব পাৰি।

কচু শাকত প্ৰচুৰ পৰিমানে প্ৰটিন, আঁহ, ভিটামিন -এ, বি, চি, ই, কেলছিয়াম, আইৰণ, মেংগানিজ, মেগনেছিয়াম, কপাৰ, ফচফৰাছ, জিংক আদি পোৱা যায়। ইয়াৰোপৰি কচুত আইৰণ আৰু ভিটামিন-বি থকাৰ কাৰনে ৰক্তহীনতা ৰোগৰ বাবে কচু অতি উপকাৰী। প্ৰচুৰ পৰিমানে ভিটামিন-এ থকাৰ বাবে চকুৰ কাৰনে খুবেই উপকাৰী।

কলেষ্টৰলৰ সমস্যাটো কচু শাকে সুফল দিয়ে। হৃদ ৰোগ আৰু ৰক্ত চাপ নিয়ন্ত্ৰণত কচুৱে সহায় কৰে। ইয়াত থকা পটাছিয়ামে তেজৰ নলী মুকলি কৰি ৰাখে।কচুত থকা কেলছিয়ামে আমাৰ শৰীৰৰ হাড় আৰু দাঁত মজবুত কৰাত সহায় কৰে।

কোষ্ঠকাঠিন্যতা সমস্যাত ভোগা সকলৰ বাবে কচু উত্তম খাদ্য। কচুত থকা আঁহৰ কাৰনে কোষ্ঠকাঠিন্য দূৰ হয় আৰু আভোক আতৰাই।কচুত প্ৰচুৰ পৰিমানে খনিজ লৱন থকাৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি হয়।

ভিটামিনৰ অভাৱত বা বীজাণুৰ সংক্ৰমণ জনিত মুখত ঘাঁ হ'লে কচু খালে সুফল পোৱা যায়।ভিটামিন -ই আৰু মেগনেছিয়াম থকাৰ কাৰনে শৰীৰৰ মাংস পেশী আৰু স্নায়ু তন্ত্ৰ শক্তিশালী কৰাত সহায় কৰে। আৰ্থাইটিজ জাতীয় বাত বিষত কচু অতি উপকাৰী।কচু হ'ল ৰক্ত পৰিশোধক।ভিটামিন-এ আৰু ভিটামিন - ইৰ বাবে গাৰ ছাল মসৃণ কৰে, বয়সৰ চাপ পৰিব নিদিয়ে।

ঢেকীয়া,কচুৰ পুষ্টিৰ বিষয়ে গৱেষণাৰ জৰিয়তে পোহৰলৈ আনিছিল অৰুণ কুমাৰ সন্দিকৈয়ে। তিনি দশক ধৰি তেওঁ এই বিষয়ক গৱেষণাৰ সৈতে জড়িত হৈ আছে।সন্দিকৈয়ে গৱেষণাত লাভ কৰা তথ্য অনুসৰি ঢেকীয়াত ৩৩ শতাংশ প্রটিন থাকে। ঢেঁকীয়া শাক বা ভেষজৰ বহুতো স্বাস্থ্য সম্পৰ্কীয় লাভালাভ আছে। বিভিন্ন প্ৰদাহ, যকৃতৰ সংক্ৰমণ, চৰ্দি–কাহ আদিৰ পৰা আমাৰ শৰীৰক সুৰক্ষা দিয়াত ঢেঁকীয়াৰ উপকাৰিতা বোৰ প্ৰভাৱশালী। 

ঢেকীয়াত আছে প্ৰটিন, ভিটামিন এ, ভিটামিন বি কম্প্লেক্স, ভিটামিন চি, ভিটামিন ই, বিতা কেৰোটিন, এণ্টেঅক্সিডেণ্ট, কেলচিয়াম, আইৰণ, ফছফৰাছ আদি।

আমাৰ বাৰীৰ চুকে-কোণে নিজে গজি উঠা শাক-পাচলিবোৰ কিমান গুণ সম্পন্ন সেই কথা আমি মন নিদিও। কিন্তু অৰুণ কুমাৰ সন্দিকৈ কৰা গৱেষণাৰ তথ্যই প্রমাণ কৰে আমি বহু কথা নজনাকৈ খোৱা এই শাক-পাচলিবোৰে আমাৰ শৰীৰত কিমান উপকাৰ সাধে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in