/asomiyapratidin/media/media_files/2025/06/28/vikash-28-2025-06-28-20-03-14.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ শিশুৰ বাবে উৎসৰ্গিত সংগঠন বিকাশৰ উদ্যোগত অহা ২ জুলাই পৰা ৬ জুলাইলৈ ৫ দিনীয়া চিত্ৰকলাৰ এখনি কৰ্মশালাৰ আয়োজন কৰা হৈছে। বিকাশৰ চিত্ৰকলা উপ সমিতিৰ তত্বাৱধানত চলিবলগীয়া উক্ত কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত বিভিন্ন সন্মান বুটলিবলৈ সক্ষম হোৱা চিত্ৰশিল্পী চন্দন জ্যোতি শৰ্মাৰ লগতে বহু কেইজন অভিজ্ঞ প্ৰশিক্ষক।
নগাঁও জিলাৰ ৰাইডঙীয়া পাঁচআলিৰ ৰাজহুৱা মঞ্চত অনুষ্ঠিত হ'বলগীয়া উক্ত কৰ্মশালাত তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অধ্যয়নৰত সকলো ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা চলিবলগীয়া কৰ্মশালাৰ ভৰ্তি মাচুল ১০০ টকা ধাৰ্য্য কৰা হৈছে। কৰ্মশালাৰ বিষয়ে সবিশেষ জানিবলৈ ৭৪২৯২৪৪২০২ (74292 44202) নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।