/asomiyapratidin/media/media_files/2025/12/10/449-2025-12-10-18-05-06.jpg)
ডিজিটেল সংবাদ, কামপুৰ : নগাঁও জিলাৰ কচুৱা আৰক্ষী চকীৰ অন্তৰ্গত বিৰিণাআটিত বুধবাৰে অভিযান চলাই হিৰ'ইনসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে কচুৱা আৰক্ষীয়ে। নিয়মীয়া তালাচীৰ সময়ত আৰক্ষীয়ে এ এছ ০২ডি চি ৩৩৩৪ নম্বৰৰ এখন বাহন জব্দ কৰে।
বাহনখনৰ চালকৰ চিটৰ তলত দুটা চাবোনৰ বাকচভৰ্তি হি'ৰইন জব্দ কৰে। জব্দ কৰা হিৰ'ইনখিনিৰ ওজন ২৬.৩৯ গ্ৰাম।
আৰক্ষীয়ে এই সন্দৰ্ভত কচুৱাৰ গেৰেইজাইপামৰ মোজাহিদ আলি নামৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে অধিক তথ্য আহৰণৰ বাবে মোজাহিদ আলিক জেৰা অব্যাহত ৰাখিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us