কমলপুৰ সত্ৰ সংৰক্ষণৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান উত্তৰ-পশ্চিম মণ্ডল অসম সত্ৰ মহাসভাৰ

তেৰশ শতিকাত সমগ্ৰ ভাৰতবৰ্ষতে আৰম্ভ হোৱা ভক্তি আন্দোলনৰ অসমত গুৰি ধৰিছিল মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ, মধৱেদেৱ, দামোদৰদেৱ আৰু হৰিদেৱে। এই ভক্তি আন্দোলন মহাপুৰুষসকলে প্ৰথমতে উজনি অসমত আৰম্ভ কৰিছিল

author-image
Asomiya Pratidin
New Update
325

কমলপুৰ সত্ৰ সংৰক্ষণৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান

ডিজিটেল সংবাদ, হাউলী : তেৰশ শতিকাত সমগ্ৰ ভাৰতবৰ্ষতে আৰম্ভ হোৱা ভক্তি আন্দোলনৰ অসমত গুৰি ধৰিছিল মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ, মধৱেদেৱ, দামোদৰদেৱ আৰু হৰিদেৱে। এই ভক্তি আন্দোলন মহাপুৰুষসকলে প্ৰথমতে উজনি অসমত আৰম্ভ কৰিছিল যদিও পৰৱৰ্তী সময়ত এই মহাপুৰুষসকলে প্ৰাচীন কামৰূপ তথা বৰ্তমানৰ বৰপেটা অঞ্চলত এই ভক্তি আন্দোলনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে বিভিন্ন সত্ৰ স্থাপন কৰিছিল।

Advertisment

বিভিন্ন প্ৰাকৃতিক কাৰণত কেইবাখনো সত্ৰ সময়ৰ বুকুত বিলীন হৈ গৈছিল। এনে বিলীন হোৱা সত্ৰসমূহৰ ভিতৰত হাউলীৰ কালঝাৰৰ গোপাল আতা সত্ৰৰ পৰা প্ৰায় আঢ়ৈ কিলোমিটাৰ নিলগৰ দক্ষিণ দিশত অৱস্থিত এখন ঐতিহ্যপূৰ্ণ সত্ৰ কমলপুৰ সত্ৰ।

এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিল গোপাল আতাৰ একনিষ্ঠ অনুগামী বৰ যদুমণি আতাই। অতি সম্প্ৰতি কেৱল এজোপা কেলিগোপাল গছক কেন্দ্ৰ কৰি এই কমলপুৰ সত্ৰখনে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে যুঁজ কৰি আছে।

যি সময়ত সাম্প্ৰতিক সমাজখন সাম্প্ৰদায়িক বিষবাষ্পৰে ভাৰাক্ৰান্ত কৰাৰ কাৰণে কেতবোৰ মহলে অহৰহ চেষ্টা চলাই আছে, সেইসময়তে ইছলাম ধৰ্মৰ লোকৰে বসতিপূৰ্ণ অঞ্চলত স্থাপিত এই সত্ৰখনে অসমৰ সাতামপুৰুষীয়া ঐক্য সংহতিৰ বিৰল দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হৈছে। ইছলাম ধৰ্মৰ লোকসকলে এই কেলিগোপাল গছক কেন্দ্ৰ কৰি যি ডেৰ কঠা ভূমি সত্ৰখনৰ কাৰণে সংৰক্ষিত হৈ আছে, সেই ভূমিখিনিক এক পবিত্ৰ স্থান হিচাপে মান্যতা প্ৰদান কৰি সত্ৰখনক ৰক্ষণাবেক্ষণ প্ৰদান কৰি আহিছে।

এই গছজোপাৰ ক্ষতি সাধন কৰিলে অথবা ঠাইখিনিত অসমাজিক কাৰ্য্য সম্পাদন কৰিলে ৰাইজৰ ক্ষতি সাধন হয় বুলি থকা জনবিশ্বাসক আজিও এই অঞ্চলৰ সংখ্যালঘূ ৰাইজে বিশ্বাস কৰি আহিছে। অসম সত্ৰ মহাসভাৰ উত্তৰ-পশ্চিম মণ্ডলৰ সাংস্কৃতিক সম্পাদক যুগান্ত বায়নে শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মাই মাজুলী, বৰদোৱা আৰু বৰপেটা সত্ৰৰ উন্নয়ন আৰু সংৰক্ষণৰ বাবে গ্ৰহণ কৰা বলিষ্ঠ পদক্ষেপক আদৰণী জনাই বৰপেটা সত্ৰৰ পৰা ১০ কিলোমিটাৰ আঁতৰত অৱস্থিত কালঝাৰৰ কমলপুৰ সত্ৰখনক উন্নয়ন আৰু সংৰক্ষণ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে।

প্ৰণিধানযোগ্য যে, ২০০০ চনত অসমৰ লোক-সংস্কৃতিৰ বিশিষ্ট সাধক প্ৰয়াত ফুলকুমাৰী কলিতা আৰু একাংশ সচেতন লোকৰ প্ৰচেষ্টাত এই সত্ৰখনৰ শিপাৰ সন্ধান পাবলৈ সক্ষম হৈছিল। সেইসময়ৰ পৰাই কালঝাৰ অঞ্চলৰ ৰাইজে নানান প্ৰতিকূল পৰিস্থিতিক প্ৰত্যাহ্বান জনাই  সত্ৰখনক জীয়াই ৰখাৰ বাবে সংগ্ৰাম কৰি আহিছে।

অসম সত্ৰ মহাসভাৰ উত্তৰ-পশ্চিম মণ্ডল সমিতিয়ে গোপাল আতাৰ স্মৃতি বিজৰিত এই সত্ৰখনক সংৰক্ষণ কৰি এক পূৰ্ণ পৰ্য্যায়ৰ সত্ৰৰ ৰূপ দিবলৈ অসম চৰকাৰক আহ্বান জনাইছে।

অসম সত্ৰ মহাসভা সত্ৰ