/asomiyapratidin/media/media_files/2025/07/19/vvvvvvvvv-2025-07-19-17-19-39.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ নগাঁৱৰ ডিফলুত কিশোৰী হত্যাৰে জড়িত এজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ১৬ জুনত ডিফলুত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। মৃতদেহটি ৰহাৰ এটি পৰিয়ালে নিজ কন্যাৰ বুলি চিনাক্ত কৰি আৰক্ষীৰ পৰা চমজি লৈ সৎকাৰ কৰিছিল। পিছত পৰিয়ালটোৰ কন্যাক জীৱিত অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল।
এই ঘটনাৰ পিছত সৎকাৰ হোৱা মৃতদেহটোক লৈ ৰহস্যৰ সৃষ্টি হৈছিল আৰু নগাঁও আৰক্ষীয়ে তদন্ত অৱ্যাহত ৰখাৰ মাজতে বৃহস্পতিবাৰে উদ্ধাৰ হয় মৃতদেহৰ পৰিচয়। কাৰ্বিআংলঙৰ পৱন ইংতিয়ে মৃতদেহটো কনিষ্ঠা কন্যা নম্ৰতা ইংতিৰ বুলি চিনাক্ত কৰাৰ পিছতে নগাঁৱত মাহযোৰা ৰহস্যৰ ওৰ পৰে ।
মৃতদেহৰ পৰিচয় ওলোৱাৰ পিছত নগাঁও আৰক্ষীয়ে ২৪ ঘন্টাৰ ভিতৰত হত্যাকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। হত্যাকাৰীৰ নাম ছাদ্দাম হুছেইন । ছাদ্দামৰ ঘৰ নগাঁৱৰে মৰঙীয়ালত। পেশাত ছাদ্দাম গাড়ী চালক। ছাদ্দামে নম্ৰতাক বলপূৰ্বক গাড়ীৰ ভিতৰতে যৌন নিৰ্যাতন চলাই পিছত গামোচাৰে ডিঙি চেপি হত্যা কৰি ডিফলুৰ শিৱ মন্দিৰৰ ওচৰত পেলাই আতৰি গৈছিল ।
আৰক্ষীৰ মতে, নম্ৰতা ১৫ জুনত ঘৰৰ পৰা ডিফুলৈ আহি খেৰণিত উপস্থিত হৈছিল। তাৰ পিছত নিশা নগাঁৱৰ বৰঘাটত উপস্থিত হৈ নিশা গাড়ীৰ বাবে ৰৈ থাকোতে ছাদ্দাম গাড়ী লৈ উক্ত স্থানত উপস্থিত হয়। ছাদ্দামৰ গাড়ী ভাড়ালৈ লৈ নগাঁও চহৰলৈ আহোতে নিশা গাড়ী চালক ছাদ্দামে নগাঁৱতে বিভিন্ন স্থানলৈ নি পিছত গাড়ীৰ ভিতৰত যৌন নিৰ্যাতন চলাই হত্যা কৰি চহৰৰ মাজেৰে মৃতদেহটো কঢ়িয়াই নিজৰ ঘৰলৈ যোৱাৰ পথত ডিফলুত নম্ৰতাৰ মৃতদেহটো পেলাই থৈ আতৰি যায়। আৰক্ষীৰ জেৰাত ছাদ্দামে নম্ৰতাক হত্যা কৰাৰ কথা স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে। বৰ্তমান হত্যাকাৰীজনক নগাঁৱৰ সদৰ থানাত ৰখা হৈছে।