/asomiyapratidin/media/media_files/2025/03/05/c7mNNNBPowHnNSjdyOXb.jpg)
ডিজিটেল সংবাদ,কামপুৰঃ "মন্ত্ৰী অশোক সিংহলক মন্ত্ৰীত্বৰ পৰা বৰ্খাস্ত নকৰিলে শীঘ্ৰেই দ্বাৰস্থ হ'ব ৰাজ্যপালৰ।" ভাওনাৰ বিষয়ে কৰা বিৰূপ মন্তব্যক লৈ অশোক সিংহলৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আমছুৰ মুখ্য সাংগঠনিক সম্পাদক ছাহিদুল ইছলাম।
মন্ত্ৰী সিংহলৰ বিৰুদ্ধে জিলাই জিলাই প্ৰতিবাদ তীব্ৰতৰ ৰূপত গঢ়ি তুলিব বুলি আমছু নেতা গৰাকীয়ে হুংকাৰ দিয়ে। লগতে আমছুৱে মুখ্যমন্ত্ৰীক উদ্দেশ্যি প্ৰশ্ন উত্থাপন কৰে যে, সঁচাকৈ যদি অসমৰ মুখ্যমন্ত্ৰীয়ে পাঁচখন ৰাজ্যৰ ভিতৰত অসম প্ৰথম বুলি আশা কৰিছে তেনে স্থলত মন্ত্ৰী অশোক সিংহলে ভাওনাক লৈ অদ্ভূত মন্তব্য কৰাটো কিমান যুক্তিসংগত?
ইয়াৰোপৰি দিল্লীক সন্তুষ্ট কৰিবলৈ মুখ্যমন্ত্ৰীয়ে অশোক সিংহলক মন্ত্ৰীসভাত স্থান দিছে বুলিও ক্ষোভ উজাৰে আমছুৱে। লগতে এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তাক্ষেপ বিচাৰি মন্ত্ৰী অশোক সিংহলক মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত নকৰিলে ৰাজ্যপালক স্মাৰক পত্ৰ দিব বুলিও হুংকাৰ দিয়ে আমছুৱে।