বাইকত অহা দুজন যুৱকে বোমা সদৃশ বস্তু নিক্ষেপ কৰি ঘটাই বিস্ফোৰণ

আক্ৰমণৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। আক্ৰমণকাৰীয়ে বিস্ফোৰক সদৃশ বস্তু নিক্ষেপ কৰাৰ চিচিটিভি ফুটেজ সংগ্ৰহ কৰিছে আৰক্ষীয়ে। মন্দিৰত হোৱা আক্ৰমণৰ বাবে অঞ্চলটোত এতিয়া আতংকৰ পৰিৱেশে বিৰাজ কৰিছে।

author-image
Asomiya Pratidin
New Update
ঠাকুৰদ্বাৰ মন্দিৰত আক্ৰমণ

ঠাকুৰদ্বাৰ মন্দিৰত আক্ৰমণ

ডিজিটেল ডেস্ক: হোলীৰ আনন্দ-উচাহৰ মাজতে পঞ্জাৱৰ অমৃতসৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। অমৃতসৰৰ আটৰী ৰোডৰ খাণ্ডৱালা অঞ্চলত থকা ঠাকুৰদ্বাৰ মন্দিৰত আক্ৰমণ কৰিছে কোনো অচিনাক্ত দুৰ্বৃত্তই। আক্ৰমণৰ সমগ্ৰ ঘটনা বন্দী হয় চিচিটিভি কেমেৰাত। নিশা প্ৰায় ২মান বজাত বাইকত অহা দুজন যুৱকে বোমা সদৃশ বস্তু নিক্ষেপ কৰি বিস্ফোৰণ ঘটাই মন্দিৰত। এই বিস্ফোৰণৰ ফলত মন্দিৰৰ ভৱনটোৰ বিস্তৰ ক্ষতিসাধন হয়।

Advertisment

এই আক্ৰমণৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। আক্ৰমণকাৰীয়ে বিস্ফোৰক সদৃশ বস্তু নিক্ষেপ কৰাৰ চিচিটিভি ফুটেজ সংগ্ৰহ কৰিছে আৰক্ষীয়ে। মন্দিৰত হোৱা আক্ৰমণৰ বাবে অঞ্চলটোত এতিয়া আতংকৰ পৰিৱেশে বিৰাজ কৰিছে।

এই ঘটনা সন্দৰ্ভত অমৃতসৰৰ আয়ুক্ত জিপিএছ ভুলাৰে পাকিস্তানৰ আইএছআই জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে। "পাকিস্তানৰ আইএছআইয়ে আমাৰ যুৱক-যুৱতীসকলক বিপথে পৰিচালিত কৰি পঞ্জাৱত অশান্তি বিয়পাইছে। আমি কেইদিনমানৰ ভিতৰতে বিষয়টো গম আৰু অপৰাধীক সোনকালে ধৰিম।" বুলি মন্তব্য প্ৰকাশ কৰে আয়ুক্তগৰাকীয়ে।

punjab temple pune police পঞ্জাৱ পঞ্জাৱ আৰক্ষীৰ টুইট INDIA TEMPLES