/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/b787fe61-f19c-45c6-9e82-2dfd25875c7c/1.jpg)
ডিজিটেল সংবাদ, পাটাছাৰকুছি: বজালী জিলা প্ৰশাসনৰ উদ্যোগত বৃহস্পতিবাৰে জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত ২০২৪বৰ্ষৰ অমৃতবৃক্ষ আন্দোলনৰ শুভাৰম্ভণি কৰা হয়। ভবানীপুৰ বিধান সভা সমষ্টিৰ মাননীয় বিধায়ক ফণীধৰ তালুকদাৰে এটি গছপুলি ৰোপন কৰি অমৃতবৃক্ষ আন্দোলনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি কয় যে গছপুলি পৰ্যাপ্ত ৰোপণ কৰিলেহে পৃথিৱীৰ ভাৰসাম্য অটুত থাকিব আৰু জীৱকুল তীব্ৰ উষ্ণতাৰ পৰা ৰক্ষা পৰিব। সাম্প্ৰতিক সময়ত উষ্ণতাৰ দহন যে বৃদ্ধি হৈছে সেয়া গছ-গছনিৰ পৰিমাণ কমি যোৱাৰ বাবেই হোৱা বুলি তালুকদাৰে সদৰী কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/d5ea90b5-61b6-441e-aa5e-a83fdb313357/859664e7-b6bd-460b-8416-686857d5f761.jpg)
আজিৰ অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত ডঃ আশ্ৰাফুল আমিন, অতিৰিক্ত জিলা আয়ুক্ত প্ৰাঞ্জল প্ৰতিম কোৱঁৰ পল্লৱী গগৈ , দণ্ডাধীশ সমুজ্জল গগৈ ,হিয়া মেধি , গৌৰৱশেখৰ দাস আৰু কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ উপৰিও প্ৰকৃতিপ্ৰেমী আনন্দ খাটনিয়াৰৰ লগতে মুক্তিযুঁজাৰু সন্থাৰ সম্পাদক ৰোহিনী শৰ্মা দলৈও উপস্থিত থাকে ।