কিষাণ ক্ৰেডিট কাৰ্ড একাউণ্টৰ অধীনত দেশৰ ৭.৭২ কোটি কৃষক উপকৃত...

২০২৪ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত বৰ্তমানৰ কিষাণ ক্ৰেডিট কাৰ্ড (কেচিচি) একাউণ্টৰ অধীনত ১০ লাখ কোটি টকা অতিক্ৰম কৰিছে। ইয়াৰ দ্বাৰা ৭.৭২ কোটি কৃষক উপকৃত হৈছে।

author-image
Asomiya Pratidin
New Update
dfg

ডিজিটেল ডেস্কঃ  ক্ৰমাৎ শক্তিশালী হৈ উঠিছে দেশৰ কৃষি খণ্ড। শেহতীয়াকৈ বিত্ত মন্ত্ৰণালয়ে প্ৰদান কৰা তথ্য অনুসৰি ২০২৪ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত বৰ্তমানৰ কিষাণ ক্ৰেডিট কাৰ্ড (কেচিচি) একাউণ্টৰ অধীনত ১০ লাখ কোটি টকা অতিক্ৰম কৰিছে। ইয়াৰ দ্বাৰা ৭.৭২ কোটি কৃষক উপকৃত হৈছে।

Advertisment

২০১৪ চনৰ মাৰ্চ মাহত কেচিচিৰ পৰিমাণ আছিল ৪.২৬ লাখ কোটি টকা। বিত্ত মন্ত্ৰালয়ে ইয়াৰ পৰা কৃষকক কৃষি আৰু সংশ্লিষ্ট কাম-কাজৰ বাবে দিয়া ঋণৰ পৰিমাণ যথেষ্ট বৃদ্ধি পোৱাৰ কথাও উল্লেখ কৰিছে।

উল্লেখ্য যে, কিষাণ ক্ৰেডিট কাৰ্ড (KCC) ভাৰত চৰকাৰে আৰম্ভ কৰা এক আঁচনি। কেচিচি হৈছে বেংকিং সামগ্ৰী যাৰ জৰিয়তে কৃষকসকলে বীজ, সাৰ আৰু কীটনাশক আদি সামগ্ৰীৰ লগতে ইয়াৰ লগত জড়িত কাম-কাজৰ বাবে নগদ ধনৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সময়মতে আৰু সস্তা ঋণ লাভ কৰে।

ইয়াৰ লক্ষ্য হৈছে কৃষকসকলক তেওঁলোকৰ কৃষি প্ৰয়োজনীয়তাৰ বাবে সময়মতে আৰু পৰ্যাপ্ত ঋণ প্ৰদান কৰা। ১৯৯৮ চনত আৰম্ভ হোৱা এই আঁচনিখন তেতিয়াৰ পৰাই কৃষকৰ বাবে এক গুৰুত্বপূৰ্ণ আৰ্থিক উৎপাদনত পৰিণত হৈছে।

কৃষি অৰ্থনীতি