আমৰিত বিজেপিৰ বিশাল যোগদান সভা

সভাত সহস্ৰাধিক কংগ্ৰেছ, এএচডিচি আৰু এপিএইচএলচি ৰ কৰ্মীয়ে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ চিইএম ড° তুলিৰাম ৰংহাং

author-image
Asomiya Pratidin
New Update
bb

ডিজিটেল সংবাদ,কাৰ্বি আংলংঃ ২০২৬ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নৱগঠিত ১১২নং আমৰি বিধানসভা সমষ্টিত বিজেপিৰ তৎপৰতা পৰিলক্ষিত হৈছে। আজি পশ্চিম কাৰ্বি আংলঙৰ ৯নং আমৰেং পৰিষদীয় সমষ্টি জিৰিকিনদিংৰ টাচেঙত বিজেপিৰ বিশাল সমূহীয়া যোগদান সভা অনুষ্ঠিত হয়।

Advertisment

সভাত সহস্ৰাধিক কংগ্ৰেছ, এএচডিচি আৰু এপিএইচএলচি ৰ কৰ্মীয়ে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ চিইএম ড° তুলিৰাম ৰংহাং সহ সাংসদ অমৰ চিং টিচ্চ, বিধায়ক ৰোপ চিং টেৰন, ইএম মংগল চিং তিমুং, এমএচি হেট চিং ৰংফাৰ সহ পৰিষদৰ উপাধ্যক্ষ অভিজিত ক্ৰ'।

 লগতে পশ্চিম কাৰ্বি আংলঙৰ বিজেপি সভাপতি ৰদীপ ৰংহাং সহ জিলা বিজেপিৰ শীৰ্ষ নেতা-কৰ্মী সকলো আজিৰ সভাত উপস্থিত থাকে ৷ আজিৰ সভাত উপস্থিত থাকি তুলিৰাম ৰংহাঙে কয় যে, বিজেপি হৈছে ৰাইজক একতা সমন্বয় সৃষ্টি কৰা লগতে জনকল্যাণমূলক আঁচনি ৰূপায়ণৰ দল।

কাৰ্বি আংলং