ড্ৰোণৰ সহায়ত পাকিস্তানৰ পৰা ভাৰতলৈ প্ৰেৰণ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ...

author-image
Asomiya Pratidin
New Update
ড্ৰোণৰ সহায়ত পাকিস্তানৰ পৰা ভাৰতলৈ প্ৰেৰণ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ...

punjab

ডিজিটেল ডেস্কঃ পাকিস্তানৰ মাটিৰ পৰা ভাৰতৰ আব্যন্তৰীণ ক্ষেত্ৰত অশান্তি বিয়পোৱাৰ লগতে সন্ত্ৰাসমূলক কাৰ্যকলাপ সংঘটিত কৰি থকাৰ কথা নতুন কথা নহয়। বৈৰী ৰাষ্ট্ৰখনৰ মাটিত লালিত-পালিত সন্ত্ৰাসবাদী গোটসমূহে সীমান্তৰ শান্তি বিঘ্নিত কৰি প্ৰায়েই সৃষ্টি কৰি আহিছে উত্তেজনাময় পৰিস্থিতি।

এনে উত্তেজনাৰ মাজতে শেহতীয়াকৈ পঞ্জাৱ সীমান্তত সুৰক্ষা বাহিনীয়ে এক বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ পিছতে পাকিস্তানৰ ভূমিৰ পৰা যে ভাৰতৰ আভ্যন্তৰীণ শান্তি বিঘ্নিত কৰিবলৈ এতিয়াও সন্ত্ৰাসবাদী গোট সমূহে চেষ্টা অব্যাহত ৰাখিছে সেই কথা পুনৰবাৰ প্ৰমাণ হৈছে।

ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী ববি এছ এফে পঞ্জাৱৰ ফিৰোজপুৰৰ পৰা অস্ত্ৰ ভৰ্তি এটা বোগ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। কোৱা হৈছে এই অস্ত্ৰ ভৰ্তি বেগটো ড্ৰোণৰ জৰিয়তে পাকিস্তানৰ ভূমিৰ পৰা ভাৰতলৈ প্ৰেৰণ কৰা হৈছে।

বি এছ এফৰ ১৩৬ ইউনিটে চলোৱা এক অভিযানত এটা পৰিত্যক্ত বেগ উদ্ধাৰ কৰে। বি এছ এফৰ জোৱানসকলে এই বেগটো উদ্ধাৰ কৰাৰ পিছতে তাত বৃহৎ পৰিমাণৰ অস্ত্ৰ থকাটো নিশ্চিত কৰে। ইয়াৰ পিছতে বি এছ এফৰো জোৱানসকলে ঘটনাৰ সবিশেষ শীৰ্ষতম কৰ্তৃপক্ষক অৱগত কৰে।

বি এছ এফে বেগটোৰ পৰা ৩ টা এ কে-৪৭ ৰাইফল, আৰু ইয়াৰ ৬ টা খালী মেগজিন, টা এম পি-৫ (মিনি এ কে-৪৭) আৰু ইয়াৰ ৫ টা খালী মেগজিন, ৩ টা পিষ্টল আৰু ইয়াৰ ৬ টা খালী মেগজিন উদ্ধাৰ কৰিছে। ইয়াৰ উপৰিও বেগটোৰ পৰা বহু সংখ্যক সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

বি এছ এফৰ ফালৰ পৰা প্ৰকাশ কৰা অনুসৰি ইমান বৃহৎ সংখ্যক অস্ত্ৰ পঞ্জাৱ সীমান্তৰে ভাৰতলৈ প্ৰেৰণ কৰাৰ উদ্দেশ্য হৈছে ভাৰতৰ আভ্যন্তৰীণ শান্তি বিঘ্নিত কৰা। পাকিস্তানৰ মাটিৰ পৰা সন্ত্ৰাসবাদীয়ে পঞ্জাৱত ড্ৰাগছৰ চোৰাং ব্যৱসায়ী আৰু গুণ্ডাৰ জৰিয়তে পঞ্জাৱৰ শান্তি বিঘ্নিত কৰিবলৈ অহৰহ চেষ্টা কৰি আহিছে।

BSF punjab pakistan