নতুন দিল্লীত অমিত শ্বাহে উদ্বোধন কৰিব বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ পথ আৰু প্ৰতিমূৰ্তি

বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই দিল্লী পৌৰ নিগমে দক্ষিণ দিল্লীৰ লালা লাজপত ৰায় মাৰ্গৰ এটা অংশৰ নাম বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্গলৈ সলনি কৰিব।

author-image
Asomiya Pratidin
New Update
দিল্লীত উপেন্দ্ৰ নাথ ব্ৰহ্মৰ পথ আৰু প্ৰতিমূৰ্তি

দিল্লীত উপেন্দ্ৰ নাথ ব্ৰহ্মৰ পথ আৰু প্ৰতিমূৰ্তি

ডিজিটেল সংবাদ, নতুন দিল্লী: বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই দিল্লী পৌৰ নিগমে দক্ষিণ দিল্লীৰ লালা লাজপত ৰায় মাৰ্গৰ এটা অংশৰ নাম বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্গলৈ সলনি কৰিব। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম আছিল এজন দূৰদৰ্শী নেতা তথা সমাজ সংস্কাৰক যিয়ে বড়ো সম্প্ৰদায়ৰ অধিকাৰ, পৰিচয় আৰু উত্থানৰ বাবে অক্লান্তভাৱে কাম কৰিছিল।

Advertisment

২০২৫ চনৰ ১ মে’ত নতুন দিল্লীৰ কৈলাশ কলনীত অনুষ্ঠিত হ’ব এই অনুষ্ঠান। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাও উপস্থিত থাকিব এই অনুষ্ঠানত। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, দিল্লীৰ মেয়ৰ ৰাজা ইকবাল সিং, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বডোলেণ্ড আৰু মন্ত্ৰীসকলৰ কল্যাণ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, এবছুৰ সভাপতি দিপেন বড়ো আদিও থাকিব উপস্থিত।

এই পথটো দিল্লীৰ কৈলাশ কলনী মেট্ৰ’ ষ্টেচনৰ ওচৰত অৱস্থিত। ৮৩৫ মিটাৰ ৫০ ফুট বহল পথটো বডোলেণ্ড গেষ্ট হাউছৰ কাষেৰে পাৰ হৈ যায়। ইয়াৰ সমান্তৰালকৈ কৈলাশ কলনীৰ ঘূৰণীয়া পথত উন্মোচন কৰা হ’ব বডোফাৰ প্ৰতিমূৰ্তি। নেতাগৰাকীৰ ৩৫ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে এই অনুষ্ঠানৰ।

ইফালে বডোফাৰ স্মৃতিত এবছুৱে ১ মে', ২০২৫ তাৰিখে বিয়লি ৫.৩০ বজাত সমগ্ৰ বিটিআৰ আৰু অসমৰ প্ৰতিটো ঘৰ, ৰাজহুৱা স্থানত ৫ লাখ মাটিৰ পোহৰ/মমবাতি পোহৰ জ্বলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সংবাদমেলৰ জৰিয়তে সদৌ বড়ো ছাত্ৰ সন্থাৰ সভাপতি দিপেন বড়োৱে কয়, "বোডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই নিজৰ জীৱন উৎসৰ্গা কৰিছিল এখন সৰ্বাংগীন সমাজ গঢ়ি তোলাৰ বাবে, য'ত মানুহে মৰ্যাদাৰে জীয়াই থাকিব পাৰে আৰু নিজৰ প্ৰাপ্য স্থান সুৰক্ষিত কৰিব পাৰে। তেওঁৰ ধাৰণাসমূহে প্ৰজন্মৰ পাছত প্ৰজন্মক শান্তিপূৰ্ণ পৰিৱৰ্তন আৰু সামূহিক প্ৰগতিৰ দিশত পথ প্ৰদৰ্শন কৰি আহিছে। ৰাষ্ট্ৰীয় ৰাজধানীৰ বুকুত এটা পথৰ নামকৰণ আৰু তেওঁৰ প্ৰতিমূৰ্তি স্থাপন কৰাটো আমাৰ সকলোৰে বাবে গৌৰৱৰ মুহূৰ্ত" বুলি উল্লেখ কৰে দিপেন বড়োৱে।

গৃহমন্ত্ৰী অমিত শ্বাহ দিল্লী উপেন্দ্ৰনাথ ব্ৰহ্ম বডোফা