প্ৰধান মন্ত্ৰী হ'বলৈ বিজেপিক বিশ্বাসঘাটকতা কৰিলে নীতিশ কুমাৰে : অমিত শ্বাহ

author-image
Asomiya Pratidin
New Update
প্ৰধান মন্ত্ৰী হ'বলৈ বিজেপিক বিশ্বাসঘাটকতা কৰিলে নীতিশ কুমাৰে : অমিত শ্বাহ

ডিজিটেল ডেস্ক : আজি বিহাৰৰ পুনিয়াত উপস্থিত হৈ নীতিশ কুমাৰক প্ৰত্যক্ষ আক্ৰমণ কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ‍অমিত শ্বাহে । জনতা দল (সংযুক্ত) ই বিজেপিৰ সৈতে মিত্ৰজোট ভংগ কৰি বিহাৰত চৰকাৰ গঠন কৰাৰ বাবে অমিত শ্বাহে আক্ৰমণৰ লক্ষ্য কৰি লয় নীতিশ কুমাৰক । গৃহ মন্ত্ৰী গৰাকীৰ ভাষ্য অনুসৰি, কেৱল প্ৰধান মন্ত্ৰী হ'বলৈয়ে বিজেপিৰ সৈতে মিত্ৰজোট ভংগ কৰে নীতিশ কুমাৰে ।

Advertisment

উল্লেখ্য যে, বিহাৰত মহা মিত্ৰজোটৰ চৰকাৰ গঠন হোৱাৰ পাছত বিহাৰত বিজেপিৰ এইটো প্ৰথম শোভাযাত্ৰা । এই শোভাযাত্ৰাক কোৱা হৈছে জন ভৱন মহাসভা ।

ইয়াৰ উপৰিও গৃহ মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে যে, নীতিশ কুমাৰৰ চৰকাৰে বিগত বিধান সভা নিৰ্বাচনত বিজেপিয়ে লাভ কৰা আসনৰ আধা হে লাভ কৰিবলৈ সক্ষম হৈছে ।  তাৰ পাছতো, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নীতিশ কুমাৰক মুখ্যমন্ত্ৰী হ'বলৈ অনুমতি দিছিল মিত্ৰজোটৰ প্ৰতি সন্মান ৰক্ষা কৰি । কিন্তু মুখ্যমন্ত্ৰী গৰাকীয়ে এই মিত্ৰজোটৰ সন্মান ৰক্ষা নকৰি ভংগ কৰে ৰাজনৈতিক নৈতিকতা । কেৱল ক্ষমতাৰ লালসাতেই নীতিশ কুমাৰে এই সিদ্ধান্ত লোৱা বুলিও ভাষ্য প্ৰদান কৰে অমিত শ্বাহে ।

amit shah bihar