/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/b558a5a0-2b13-43d8-b250-d0ce22db2042/e7674504_e640_41ea_87ea_a40169bfda55.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ শিলচৰৰ বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি শিলচৰলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ শিলচৰ চহৰত আয়োজন কৰা হৈছে এক বিশাল ৰোড শ্বো'ৰ। আবেলি চাৰে তিনি বজাত আৰম্ভ হ'ব লগা এই বিশাল ৰোড শ্বো' ত অংশ গ্ৰহণ কৰিব অমিত শ্বাহে ।
এই ৰোড শ্বো' ত প্ৰায় ৭৫ হাজাৰৰ পৰা এক লাখ লোকে অংশগ্ৰহণ কৰিব বুলি ইতিমধ্যে দাবী কৰিছে কাছাৰ বিজেপিয়ে। এই ৰোড শ্বো' ত অমিত শ্বাহক সংগ দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ডা ৰাজদীপ ৰয় সহ বিজেপিৰ কেবাগৰাকী শীৰ্ষ নেতাই । এই ৰোড শ্বো' সফল কৰিবলৈ ইতিমধ্যে উঠিপৰি লাগিছে কাছাৰ বিজেপি।
শিলচৰত আহি উপস্থিত হৈছে কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ কেবাজনো শীৰ্ষ বিষয়া আৰু শতাধিক নিৰাপত্তা বাহিনীৰ লোক। শিলচৰত বাহৰ পাতিছে অসম আৰক্ষীৰ মুকেশ আগৰৱালা,হৰমিত সিং সহ বহু কেইজন শীৰ্ষ বিষয়া। এই ৰোড শ্বো' ক লৈ কাছাৰ বিজেপিৰ উৎসাহ আৰু উদ্দিপনা তুংগত উঠিছে।
ৰোড শ্বো' ত যাতে কোনো বিসংগতি নাথাকে, তাৰ খুতিনাতি পৰীক্ষা কৰাৰ বাবে শনিবাৰে আবেলি এক বিশাল মকড্ৰিল ( আখৰা) ৰ ব্যৱস্হা কৰা হয়। অমিত শ্বাহে অংশগ্ৰহণ কৰিব লগা ৰোড শ্বো' ৰ পথ সমুহত এই মকড্ৰিলৰ আয়োজন কৰা হয়। এই মকড্ৰিলত কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ লগতে , চোৰাংচোৱা আৰু অসম আৰক্ষীৰ কেবাজনো শীৰ্ষ বিষয়া অংশগ্ৰহণ কৰে।
দিল্লীৰ পৰা অহা নিৰাপত্তা বাহিনীৰ কেবা গৰাকী শীৰ্ষ বিষয়াৰ উপস্থিতিত শতাধিক ভিআইপি গাড়ী লৈ অমিত শ্বাহৰ ৰোড শ্বো' সন্দৰ্ভত পথ পৰিক্ৰমা কৰা হয়।