/asomiyapratidin/media/media_files/2025/06/13/2kFmgxwu6XrdHS8Zpocr.jpg)
ডিজিটেল ডেস্কঃ আহমেদাবাদত সংঘটিত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাই সকলোকে স্তম্ভিত কৰিছে। এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ঘটনাৰ পিছতে বৃহস্পতিবাৰে সন্ধিয়া আহমেদাবাদত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে দুৰ্ঘটনাস্থলী আৰু অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আহমেদাবাদৰ আৰক্ষী আয়ুক্ত জি এছ মালিককে ধৰি অন্যান্য বিষয়াৰ সৈতে বিমান দুৰ্ঘটনাস্থলীত ঘটনা সন্দৰ্ভত তথ্য গ্ৰহণ কৰে। সেই সময়ছোৱাত তেওঁক সংগ দিয়ে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডুৱে।
পৰৱৰ্তী সময়ত নিশা গৃহমন্ত্ৰী অমিত শ্বাহে গুজৰাটৰ উচ্চপদস্থ বিষয়াৰ বৈঠক অনুষ্ঠিত কৰি পাছত সংবাদ মাধ্যমক সম্বোধন কৰে। সংবাদ মেলত তেওঁ সমগ্ৰ ঘটনাৰ বিশদ তথ্য লাভ কৰি সাহায্য আৰু উদ্ধাৰ অভিযানৰ পৰ্যালোচনা কৰি সংশ্লিষ্ট বিষয়াসকলক প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়ায়।
এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক অসামৰিক বিমান পৰিবহণ বিভাগ, ডিজিচিএ, স্বাস্থ্য বিভাগ, আৰক্ষী ব্যৱস্থা আৰু সাহায্য আয়ুক্তই সমগ্ৰ ঘটনাৰ ক্ৰম, সাহায্য আৰু উদ্ধাৰ অভিযান আৰু স্বাস্থ্য সেৱাকে ধৰি সম্পূৰ্ণ তথ্য প্ৰদান কৰে।
আহতসকলৰ শীঘ্ৰে চিকিৎসা, মৃতক আৰু তেওঁলোকৰ আত্মীয়ৰ ডি এন এৰ নমুনা সংগ্ৰহ, মৃতকৰ চিনাক্তকৰণৰ পৰা আৰম্ভ কৰি মৃতদেহটো তেওঁলোকৰ ঘৰলৈ নিৰাপদভাৱে প্ৰেৰণ কৰালৈকে চৰকাৰে প্ৰতিটো স্তৰতে প্ৰয়োজনীয় সহায় আগবঢ়াব বুলিও তেওঁ কয়।
উল্লেখ কৰা প্ৰয়োজন যে, আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পিছত আহমেদাবাদ অসামৰিক চিকিৎসালয়ৰ ট্ৰমা (জৰুৰীকালীন) কেন্দ্ৰত ৰোগীমুখী চিকিৎসাৰ সৈতে জড়িত তথ্যৰ বাবে যোগাযোগ কৰিবলৈ দুটা ফোন নম্বৰ ঘোষণা কৰিছে চিকিৎসালয় প্ৰশাসনে। নম্বকৰ কেইটা -৬৩৫৭৩৭৩৮৩১/৬৩৫৭৩৭৩৮৪১।
ইয়াৰ উপৰিও আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ সৈতে জড়িত ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰত গুজৰাট চৰকাৰে এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে। সংশ্লিষ্ট ব্যক্তিসকলে এই নিয়ন্ত্ৰণ কক্ষত ফোন নম্বৰ ০৭৯-২৩২-৫১৯০০ আৰু মোবাইল নম্বৰ ৯৯৭৮৪০৫৩০৪ত যোগাযোগ কৰিব পাৰে।