ভাষণৰ মাজতে আজান, হঠাৎ শ্বাহে বন্ধ কৰি দিলে ভাষণ আৰু পাছত...

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ তিনি দিনীয়া ভ্ৰমণসূচীৰে জম্মু-কাশ্মীৰ লৈ গৈছিল।

author-image
Asomiya Pratidin
New Update
জম্মু-কাশ্মীৰলৈ অমিত শ্বাহ: সাক্ষাৎ কৰিব সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহতৰ পৰিয়ালক

ডিজিটেল ডেস্ক: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ তিনি দিনীয়া ভ্ৰমণসূচীৰে জম্মু-কাশ্মীৰ লৈ গৈছিল। এই সময়চোৱাত এদিন কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীয়ে বাৰামুলাত এক ৰেলীত ভাষণ দি আছিল। কিন্তু তেওঁ হঠাতে ভাষণ বন্ধ কৰি দিছিল। ৰেলীৰ সময়ত ওচৰতে ওচৰতে থকা মছজিদত আজান দিয়া হৈছিল আৰু সেই সময়কে শ্বাহে তেওঁৰ ভাষণ বন্ধ কৰে। আজান শেষ হোৱাৰ পাছত তেওঁ পুনৰ ভাষণ আৰম্ভ কৰে।

উত্তৰ কাশ্মীৰ জিলাৰ শ্বোকত আলী ষ্টেডিয়ামত ভাষণ দিয়াৰ মাজতে অমিত শ্বাহে ৰৈ মঞ্চত থকা লোক সকলক সুধিছিল যে, "মছজিদত কিবা চলি আছে নেকি?" তেতিয়া তেওঁলোকে কৈছিল যে আজান দি আছে আৰু তেতিয়াই শ্বাহে ভাষণ বন্ধ কৰে।

তাৰ পাছত জনতাৰ সন্মতি লৈ শ্বাহে পুনৰ ভাষণ দিছিল। লগে লগে অমিত শ্বাহ জিন্দাবাদ ধ্বনিৰে মুখৰিত হৈ পৰিছিল সেই স্থান।

উল্লেখ্য যে শ্বাহে এই ভ্ৰমণচোৱাত বিভিন্ন ঠাইলৈ যায়। লগতে সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ কথাও কয়। শ্বাহৰ ভ্ৰমণৰ পূৰ্বে জম্মু কাশ্মীৰৰ বিভিন্ন স্থানত অপৰাধ মূলক কাৰ্যও সংঘটিত হোৱা দেখা যায়।

amit shah Jammu Kashmir