আমি পাকিস্তানক উপযুক্ত উত্তৰ দিছোঃ গৃহমন্ত্ৰী অমিত শ্বাহ

শনিবাৰে গুজৰাটৰ ৰাজধানী গান্ধীনগৰত উপস্থিত হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। তেওঁ কয় যে, ভাৰতৰ আক্ৰমণত পাকিস্তান ভয় খাইছে। অপাৰেচন সিন্দুৰৰ অধীনত পাকিস্তানৰ জনসাধাৰণৰ কোনো ক্ষতি হোৱা নাই। আমি পাকিস্তানৰ বিমান ঘাটি ধ্বংস কৰিলো।

author-image
Asomiya Pratidin
New Update
amit shah1

ডিজিটেল ডেস্কঃ  শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অপাৰেচন সিন্দুৰ আৰু ভাৰত-পাকিস্তানৰ সামৰিক সংঘাত সন্দৰ্ভত এক ডাঙৰ বক্তব্য প্ৰদান কৰে। অমিত শ্বাহে স্পষ্টকৈ কয় যে, ভাৰতে পাৰমাণৱিক ভাবুকিক ভয় নকৰে। আমি পাকিস্তানক উপযুক্ত উত্তৰ দিছো। 

Advertisment

শনিবাৰে গুজৰাটৰ ৰাজধানী গান্ধীনগৰত উপস্থিত হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। তেওঁ কয় যে, ভাৰতৰ আক্ৰমণত পাকিস্তান ভয় খাইছে। অপাৰেচন সিন্দুৰৰ অধীনত পাকিস্তানৰ জনসাধাৰণৰ কোনো ক্ষতি হোৱা নাই। আমি পাকিস্তানৰ বিমান ঘাটি ধ্বংস কৰিলো। সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান ধ্বংস কৰিছো। সেয়ে আজি পাকিস্তানে ভাৰতক ভয় খাইছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়, "শাসন গ্ৰহণ কৰাৰ পিছৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত্ৰাসবাদী আক্ৰমণৰ ইমান উপযুক্ত উত্তৰ দিছে যে বিশ্ব স্তম্ভিত হৈ পৰিছে আৰু পাকিস্তানে ভয় খাইছে। এইবাৰ অপাৰেচন সিন্দুৰৰ অধীনত পাকিস্তানত জয়ছ-ই-মহম্মদ আৰু লস্কৰ-ই-টাইবাৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ মুখ্য কাৰ্যালয় ধ্বংস হৈছিল।"

অমিত শ্বাহে আৰু কয় যে আমি এনে ৯ টা ঠাই ধ্বংস কৰিলো য’ত সন্ত্ৰাসবাদীক প্ৰশিক্ষণ দিয়া হৈছিল আৰু তেওঁলোকৰ আত্মগোপন স্থান আছিল। সন্ত্ৰাসবাদীৰ প্ৰতি আমাৰ সেনাই দিয়া সঁহাৰি এনেকুৱা আছিল যে পাকিস্তানৰ ভিতৰত ১০০ কিলোমিটাৰ পৰ্যন্ত তেওঁলোকৰ শিবিৰ ধ্বংস কৰিছিল।

অমিত শ্বাহ