‘কা’ বলবৎ হ’বই, পিছুৱাই অহাৰ প্ৰশ্নয়েই নুঠে- অমিত শ্বাহ

‘কা’ বলবৎ হ’বই, পিছুৱাই অহাৰ প্ৰশ্নয়েই নুঠে- অমিত শ্বাহ

author-image
asomiyapratidin
New Update
বিগত ৫বছৰত অসমত এটাও আন্দোলন হোৱা নাইঃ অমিত শ্বাহ…

ফাইল ফটো

ডিজিটেল ডেস্ক: ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণ হ'লেই বলবৎ হ'ব নাগৰিকত্ব সংশোধনী আইন- এই মন্তব্য কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ। চৰকাৰে এতিয়ালৈকে প্ৰস্তুত কৰিব পৰা নাই কা-ৰ বিধি, কিন্তু কোৰোনাৰ সংহাৰ কমাৰ পিছতেই বলবৎ কৰা হ'ব কা।

Advertisment

শ্বাহে কয় যে যেতিয়ালৈকে কোৰোনাৰ পৰা সম্পূ্ৰ্ণ পৰিত্ৰাণ পোৱা নাযায় তেতিয়ালৈকে কা-ক প্ৰাধান্য দিয়া নহয়। কা-অহাৰ প্ৰায় ২ বছৰ পাছতেই কোৰোনাই দেশত ত্ৰাসৰ সৃষ্টি কৰিছে। কিন্তু ইয়াৰ পৰা পিছুৱাই অহাৰ প্ৰশ্নয়েই নুঠে।

মন্ত্ৰী গৰাকীৰ এই মন্তব্যৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছে। ৰাজ্যৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে অমিত শ্বাহে দিয়া মন্তব্যত কোনো নতুনত্ব নাই। কা- বিজেপিৰ এজেণ্ডা বুলি উল্লেখ কৰি শইকীয়াই কয় যে দুয়ো সদনতে বলপূৰ্বক ভাৱে গৃহীত কৰিছিল কা- আৰু তাৰ পাছতেই উচ্চতম ন্যায়লয়ত গোচৰ তৰিছিল কংগ্ৰেছে। কিন্তু সেই গোচৰৰ লগতে কেইবাটাও গোচৰ বিচাৰধীন হৈ আছে ন্যায়ালয়ত। যেতিয়ালাকে ৰায় দান নহয় তেতিয়ালৈকে কংগ্ৰেছে অপেক্ষা বুলি কয় শইকীয়াই।

caa bjp