নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশনলৈ আমন্ত্ৰণ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক...

নতুন দিল্লীত এবছু সভাপতি দ্বীপেন বড়ো আৰু এবছু নেতৃত্ব, বি টি আৰ মুখ্য কায্যবাহী প্ৰমোদ বড়ো আৰু দুই সাংসদে সাক্ষাত কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সাক্ষাত কৰি  ৫৭তম নিখিল বড়ো ছাত্ৰ সন্থাৰ কোকোৰাঝাৰ অধিবেশনলৈ আমন্ত্ৰণ জনায়।

author-image
Asomiya Pratidin
New Update
popo

ডিজিটেল ডেস্কঃ  নতুন দিল্লীত এবছু সভাপতি দ্বীপেন বড়ো আৰু এবছু নেতৃত্ব, বি টি আৰ মুখ্য কায্যবাহী প্ৰমোদ বড়ো আৰু দুই সাংসদে সাক্ষাত কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সাক্ষাত কৰি  ৫৭তম নিখিল বড়ো ছাত্ৰ সন্থাৰ কোকোৰাঝাৰ অধিবেশনলৈ আমন্ত্ৰণ জনায়।

Advertisment

এই আলোচনাত বি টি আৰ চুক্তিৰ ওপৰতো বিশদ আলোচনা কৰা হয়।  বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামত দিল্লীত এটা পথৰ নামাকৰণৰ প্ৰস্তাৱো দাঙি ধৰে বড়ো নেতৃত্বই।  ১২৫ সংখ্যক ষষ্ঠ অনুসুচীৰ সংশোধনী বিধেয়ক আইনত পৰিণত কৰাৰ দাবীও কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ ওচৰত উত্থাপন কৰে তেওঁলোকে। 

বড়ো চুক্তি অনুসৰি ১৫০০ কোটি টকাৰ আন্তগাথনি নিৰ্মাণৰ প্ৰক্ৰিয়াও খৰতকীয়া কৰাৰ দাবী উত্থাপন কৰে তেওঁলোকে।   পাহাৰৰ বড়ো জনগোষ্ঠী লোকসকলক পাহাৰীয়া জনজাতিৰ ময্যদাৰ দাবী আৰু এন ডি এফ বি ৰ কেডাৰসকলৰ সকলো গোচৰ প্ৰত্যাহাৰ কৰাৰ লগতে জেইলত থকা কেডাৰ সকলক মুকলি কৰাৰ দাবী উত্থাপন কৰে বড়ো নেতৃত্বই। 

নতুন দিল্লী