/asomiyapratidin/media/media_files/2025/05/07/PqzycZvv48xjSaLDfjMP.jpg)
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে বৈঠক সমাপ্ত কৰাৰ পাছতে গৃহমন্ত্ৰী অমিত শ্বাহে জৰুৰীভাৱে দেশৰ সীমান্তমূৰীয়া ১০খন ৰাজ্যৰ মুখ্যমন্ত্ৰীক তলব কৰিছে। ১০খন ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে জৰুৰী বৈঠকৰ আহ্বান কৰিছে অমিত শ্বাহে।
শেহতীয়া পৰিস্থিতিলৈ চাই কব পাৰি যে, ভাৰতে পাকিস্তানৰ বিৰুদ্ধে আৰু অধিক কঠোৰ ব্যৱস্থা গ্ৰহণৰ অৱকাশ আছে। যাৰ বাবে ভাৰত চৰকাৰে শেহতীয়াকৈ ভিন্ন কাৰ্যকলাপ হাতত লৈছে। প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰপতিক সাক্ষাত, প্ৰতিৰক্ষা মন্ত্ৰীক সীমান্তলৈ প্ৰেৰণ আৰু ১০ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে অমিত শ্বাহে জৰুৰী বৈঠক আহ্বান কৰা কাৰ্যই বিশেষ তাতপৰ্য বহন কৰিছে।
ইফালে যুদ্ধৰ সম্ভাৱনাক অধিক দৃঢ় কৰি বৃহস্পতিবাৰে সৰ্বদলীয় বৈঠকৰো আহ্বান কৰিছে মোডী চৰকাৰে।