জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ নিৰ্মূল কৰিম, কিন্তু পাকিস্তানৰ লগত আলোচনা নহয়,- অমিত শ্বাহ

অমিত শ্বাহৰ জম্মু-কাশ্মীৰ ভ্ৰমণ।

author-image
Asomiya Pratidin
New Update
দিল্লীৰ জামিয়া কাণ্ডৰ কোনো দোষী সাৰি যাব নোৱাৰেঃ গৃহমন্ত্ৰী অমিত শ্বাহ…

ফাইল ফটো

ডিজিটেল ডেস্ক: তিনিদিনীয়া ভ্ৰমণসূচীৰে বৰ্তমান জম্মু-কাশ্মীৰত আছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। এই ভ্ৰমণৰ সয়মচোৱাত বুধবাৰে এক ৰেলীত সম্বোধন কৰি সন্ত্ৰাসবাদৰ ওপৰত মন্তব্য কৰে। তেওঁ কয় যে পাকিস্তানৰ লগত কোনো ধৰণৰ আলোচনা কৰা নহয়।লগতে কয় যে নৰেন্দ্ৰ  মোডীৰ নেতৃত্বধীন চৰকাৰে জম্মু –কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদ নোহোৱা কৰিব আৰু দেশৰ সকলোকতকৈ শান্তিপূৰ্ণ স্থানত পৰিগণিত কৰিব।

Advertisment

শ্বাহে কয় যে সন্ত্ৰাসবাদৰ পৰা কেতিয়াও কাৰো ভাল হোৱা নাই।১৯৯০ চনৰ পাছৰ পৰাই জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদে ৪২,০০০ লোকৰ প্ৰাণ লৈছে।

জম্মু কাশ্মীৰৰ বিকাশ নোহোৱাৰ বাবে তেওঁ আব্দুল্লা(নেশ্যনেল কনফাৰেন্স), মুফ্টী(পিডিপি) আৰু নেহৰু-গান্ধী(কংগ্ৰেছ)ৰ পৰিয়ালৰ জগৰীয়া কৰে শ্বাহে। কিয়নো ১৯৪৭ চনৰ পাছত তিনিওটা দলে বেছি সময় শাসন কৰিছিল।

শ্বাহে কয় যে একাংশই আমাক পাকিস্তানৰ লগত আলোচনা কৰিবলৈ কয়।কিন্তু আমি পাকিস্তানৰ লগত আলোচনা কিয় কৰিম ? আমি কোনোধৰণৰ আলোচনা নকৰো।  আমি বাৰামুলাৰ জনসাধাৰণৰ সৈতে কথা পাতিম, আমি কাশ্মীৰৰ জনসাধাৰণৰ সৈতে কথা পাতিম।

উল্লেখ্য যে, শ্বাহৰ জম্মু -কাশ্মীৰ ভ্ৰমণৰ পৰ্বে আৰু ভ্ৰমণৰ সময়চোৱাত বহু অপৰাধমূলক কাৰ্যকালাপ সংঘটিত হয়।

amit shah Jammu Kashmir pakistan