আজি পুৱা ১০বজাত অসম পাবহি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ...

ঘন কুৱঁলীৰ বাবে দেওবাৰৰ অসম ভ্ৰমণ বাতিল কৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ সোমবাৰে ১০বজাত উপস্থিত হ'বহি অসমত। সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব বৰদোৱা প্ৰকল্প। প্ৰকল্প মুকলি কৰাৰ পাছতে

author-image
Asomiya Pratidin
New Update
dfdf

ডিজিটেল ডেস্কঃ ঘন কুৱঁলীৰ বাবে দেওবাৰৰ অসম ভ্ৰমণ বাতিল কৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ সোমবাৰে ১০বজাত উপস্থিত হ'বহি অসমত। সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব বৰদোৱা প্ৰকল্প। প্ৰকল্প মুকলি কৰাৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিব বিশাল জনসভা।

কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে মুকলি কৰিব ICSS আৰু আৰক্ষী আয়ুক্তৰ কাৰ্যালয়। লগতে মুকলি কৰিব ৫,০০০ আসনযুক্ত জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ। লগতে গৃহমন্ত্ৰীগৰাকীয়ে ভ্ৰমণ কৰিব বৰাগাওঁস্থিত ‘শ্বহীদ স্মাৰক ক্ষেত্ৰ’ও।

অমিত শ্বাহক আদৰিবলৈ সাজু ৰাজ্যিক বিজেপি। নৱবৰ্ষৰ প্ৰাকক্ষণত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ অসম আগমনক লৈ উৎসাহী হৈ পৰিছে বিজেপিৰ নেতা-মন্ত্ৰীসকল।
গৃহমন্ত্ৰী অমিত শ্বাহ