কেইবাটাও কাৰ্যসূচীৰে অসমলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি...

শুকুৰবাৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা।

author-image
Asomiya Pratidin
New Update
কোন হ'ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

amit shah, jd nadda

ডিজিটেল ডেস্ক: শুকুৰবাৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা। অসম ভ্ৰমণ কাৰ্যসূচীত দুয়ো গৰাকী নেতাই দলটোৰ নতুন ৰাজ্যিক কাৰ্যালয় উদ্বোধন কৰিব ।

Advertisment

এই সন্দৰ্ভত এক প্ৰেছ বিবৃতিত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে নাড্ডা আৰু শ্বাহ শুকুবাৰে আবেলি প্ৰায় ৪ বজাত অসমত উপস্থিত হ'ব। তাৰ পিছত, তেওঁলোকে দলৰ মূল সমিতিৰ এখন সভাত উপস্থিত থাকিব।

তেওঁ লগতে কয় যে শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় জাহাজ, বন্দৰ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত দুয়োগৰাকী নেতাই বশিষ্ঠ চাৰিআলি ৰাষ্ট্ৰীয় ঘাইপথ-২৭ ত বিজেপিৰ নতুন ৰাজ্যিক কাৰ্যালয় উদ্বোধন কৰিব।

তাৰ পাছতে দুয়োৰাকী নেতাই খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেল পথাৰত বিজেপিৰ বুথ কৰ্মী সকলৰ এক ৰেলী সম্বোধন কৰিব। এই ৰেলীত প্ৰায় ৪০ ৰ পৰা ৫০ হাজাৰ লোক উপস্থিত থাকিব।

কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণৰ পাছত জেপি নাড্ডা শনিবাৰে আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ অসমৰ পৰা ৰাওনা হ'ব।

assam jp nadda amit shah bjp