তিনিদিনীয়া ছিকিম আৰু অসম ভ্ৰমণ সূচী আৰম্ভ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ...

নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছতহে উত্তৰ-পূৱ ভাৰতৰ প্ৰকৃত উন্নয়ন আৰম্ভ হৈছেঃ অমিত শ্বাহ
amit sah
amit sah

ডিজিটেল ডেস্কঃ তিনিদিনীয়া ছিকিম আৰু অসম ভ্ৰমণলৈ অহা কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে গেংটকত পূৱ আৰু উত্তৰ-পূৱ মণ্ডল ডেইৰী ক’অপাৰেটিভ কনক্লেভ উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে ডেইৰী ক’অপাৰেটিভ কনক্লেভ উদ্বোধন কৰি প্ৰদান কৰা বক্তব্যত কয় যে, হিমালয়ান ৰাজ্য ছিকিমত আজিৰ পৰা ১৫ বছৰৰ আগতে ডেইৰী ক’অপাৰেটিভ কনক্লেভ অনুষ্ঠিত কৰাৰ কথা ভাৱিবই পৰা হোৱা নাছিল।কিন্তু ছিকিমৰ জনসাধাৰণৰ ত্যাগ আৰু কৰ্মৰাজীৰে তেঁওলোক আজি সমগ্ৰ ভাৰতবৰ্ষৰে জনমানসত সন্মান সহকাৰে উজ্জলি উঠিছে।

আনহাতে ছিকিমত ২ লাখ লিটাৰ দুগ্ধ উৎপাদন হয় বুলি জানিব পাৰি মন্ত্ৰী শ্বাহে কয় যে, এয়া ছিকিমৰ লগতে সমগ্ৰ উত্তৰ-পূৱ ভাৰতৰ বাবেই গৌৰৱৰ কথা। কিয়নো প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত সমগ্ৰ ভাৰততে প্ৰায় ৬৫ হাজাৰটা সক্ৰিয় পি.এ.চি.এছ. (Primary Agricultural Credit Society) গঠন কৰা হ’ব আৰু অনাগত ৫ টা বছৰৰ ভিতৰত প্ৰত্যেকটো পঞ্চায়ততে একোটাকৈ পি.এ.চি.এছ. আৰু ডেইৰী গঠন কৰা হ’ব আৰু ইয়াৰ সুফল আটাইতকৈ বেছিকৈ লাভ কৰিব উত্তৰ পূৱ ভাৰতে, মন্ত্ৰী গৰাকীয়ে কয়।

আনহাতে পশুপালন আৰু দুগ্ধ উৎপাদন ভাৰতৰ দৰে দেশ এখনৰ বাবে ’গৰীৱী’ নিৰ্মূলৰ অন্যতম উপায় বুলি উল্লেখ কৰি মন্ত্ৰী শ্বাহে কয় যে, পশুপালনৰ জড়িয়তে দেশৰ কৃষক সমাজ আৰু বিশেষকৈ মহিলা সমাজ সৱলীকৰণ হ’ব পাৰে।

গুজৰাটত প্ৰায় ৩৬ লাখ মহিলাই দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত প্ৰায় ৫৬ হাজাৰ কোটি টকাৰ কাৰবাৰ কৰি সবলীকৰণ হোৱাৰ ক্ষেত্ৰত সফল হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী শ্বাহে কয় যে, ভাৰতৰ সামাজিক আৰু আৰ্থিক ক্ষেত্ৰখনত পশুপালনৰ একোটা ঐতিহাসিক মহত্ব আছে। মাজতে স্বাধীনতাৰ আগত ইংৰাজৰ অধীনত আৰু স্বাধীনতা লাভৰ প্ৰায় ৬৫ বছৰীয়া সময়খিনিত ভাৰতৰ পশুপালন ক্ষেত্ৰখন প্ৰায় নিস্তেজ হৈ পৰিছিল। কিন্তু নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত এই ক্ষেত্ৰত যথেষ্ট কাম কৰা হৈছে বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ।

দুগ্ধ উৎপাদনে কৃষক সমাজ আৰু বিশেষকৈ মহিলা সমাজক সৱলীকৰণ কৰাৰ লগতে হাজাৰ হাজাৰ শিশু তথা ব্যক্তিক পুষ্টিৰ যোগান ধৰে বুলি উল্লেখ কৰি কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে ,পশুপালনৰ আন দুটা লাভ হৈছে প্ৰদূষণ মুক্ত জৈৱিক ইন্ধন আৰু প্ৰাকৃতিক সাৰ। গোবৰ সাৰ ব্যৱহাৰেৰে জৈৱিক কৃষি কৰি লাভাম্বিত হ’ব পৰা যায় বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

আনহাতে পশুপালনৰ ক্ষেত্ৰত ব্যক্তিগত প্ৰতিষ্ঠানৰ বিপৰীতে সমবায় পদ্ধতিতহে কৃষক সকলে প্ৰকৃত মুনাফা লাভ কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে, পশুধনৰ স্বাস্থ্য ৰক্ষাৰ পৰা আৰম্ভ কৰি সকলো দিশৰ ক্ষেত্ৰতে সমবায়ে পশুপালক সকলক সহযোগ কৰিব আৰু মুনাফাৰ ধন পোনপটীয়াকৈ পশুপালক সকলৰ বেংক একাউন্টত জমা হ’ব।

প্ৰাকৃতিকভাৱে চহকী আৰু পানীৰ অভাৱ নথকা উত্তৰ-পূৱ ভাৰতে প্ৰস্তাৱিত PACS (Primary Agricultural Credit Society) আৰু ডেইৰী ফাৰ্মৰ সুবিধাৰ পৰা সম্পূৰ্ণ লাভাম্বিত হ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, মনোমোহা উত্তৰ পূৱ ভাৰত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ আগলৈকে কেৱল পৰ্যটনৰ বাবেহে জনাজাত আছিল, আৰু অঞ্চলটোত প্ৰকৃত উন্নয়ন প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বতহে আৰম্ভ হৈছিল ।

amit sah in guwahati
amit sah in guwahati

আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্টলক্ষ্মী নামেৰে সম্বোধন কৰা উত্তৰ পূৱ ভাৰতৰ আঠোখন ৰাজ্যত যাতায়তৰ সুব্যৱস্থা, জলসিঞ্চনৰ ব্য়ৱস্থা, উদ্যোগীকৰণ আদিৰ জড়িয়তে উন্নয়নৰ কাম কৰিবলৈ বিগত সময়ত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে প্ৰয়াস কৰি আছে বুলি উল্লেখ কৰে মন্ত্ৰী অমিত শ্বাহে ।

ভাৰতত বৰ্তমানে থকা প্ৰায় ২ কোটি পশুপালকৰ সংখ্যা অনাগত সময়ত প্ৰায় ৭ কোটি পৰ্যন্ত বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি মন্ত্ৰী অমিত শ্বাহে আজিৰ বক্তব্য়ত কয় যে বৰ্তমানৰ প্ৰায় ৭০ % অসংগঠিত পশুপালকক সংগঠিত কৰিবৰ বাবেও চৰকাৰে কাম কৰিব । সংগঠিত হ’লেহে পশুপালক সকলে উচিত মূল্য় লাভ কৰিব বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে, আমাৰ দেশৰ ওচৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহলৈও আমি দুগ্ধ আৰু দুগ্ধজাত সামগ্ৰীৰ ৰপ্তানি কৰিবলৈ সক্ষম হ’ব লাগিব যাতে আন্তঃৰাষ্ট্ৰীয় বজাৰখনৰ মুনাফা আমাৰ পশুপালক সকলে লাভ কৰিবলৈ সক্ষম হয় ।

আনহাতে উত্তৰ-পূৱ ভাৰতৰ পৰা দেশৰ দুগ্ধ উৎপাদনৰ প্ৰায় ২০% পৰ্যন্ত উৎপাদন কৰাৰ লক্ষ স্থিৰ কৰি লোৱাৰ কথাও মন্ত্ৰী অমিত শ্বাহে আজিৰ ভাষণ প্ৰসংগত উল্লেখ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in