/asomiyapratidin/media/media_files/2025/04/11/gqx7Ixwwo39nF6zdyC2J.jpg)
ডিজিটেল ডেস্ক : হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা অমিশী শইকীয়াই এই ফলাফল লাভ কৰাৰ পাছতেই কয় যে, তেওঁ এনে ফলাফল লাভ কৰিব বুলি আশা কৰা নাছিল। মেধাৱী ছাত্ৰীগৰাকীয়ে অত্যন্ত বিনম্ৰতাৰে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে, ভৱিষ্যতে তেওঁ ভাল মানুহ হ’বলৈ চেষ্টা কৰিব।
কেৱল তেঁৱেই নহয়, তেওঁৰ লগৰবোৰেও বহু ভাল ৰিজাল্ট কৰিছে বুলি উল্লেখ কৰি অমিশীয়ে জানিবলৈ দিয়ে যে, তেওঁৰ পিতৃ- মাতৃয়ে কেতিয়াও পঢ়া-শুনাত হেঁচা দিয়া নাছিল। বিদ্যালয়খনৰ শিক্ষাগুৰুসকলে তেওঁক পঢ়া- শুনাত সকলো ধৰণে সহায় কৰাৰ কথা জানিবলৈ দি এই ফলাফলৰ পাছত তেওঁ শিক্ষাগুৰুসকলৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখযোগ্য যে, এইখন বিদ্যালয়ৰে অনিৰ্বাণ বৰগোহাঁয়ে দ্বিতীয় স্থান লাভ কৰিছে।