হাটশিঙিমাৰীত স্বাস্থ্য সেৱা উৎসৱৰ শুভ উদ্বোধন আমিনুল ইছলামৰ...

আজি পুৱা ৯ বজাত হাটশিঙিমাৰী জিলা চিকিৎসালয়ত স্বাস্থ্য উৎসৱৰ শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই উদ্বোধনী অনুষ্ঠানত মানকাচৰৰ বিধায়ক আমিনুল ইছলাম মুখ্য অতিথি হিচাপে উপস্থিত থাকে। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,হাটশিঙিমাৰীঃ  ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাতো আজিৰ পৰা ৩দিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে স্বাস্থ্য সেৱা উৎসৱ। তৃতীয় বৰ্ষৰ স্বাস্থ্য সেৱা উৎসৱ উপলক্ষে আজি পুৱা ৯ বজাত হাটশিঙিমাৰী জিলা চিকিৎসালয়ত স্বাস্থ্য উৎসৱৰ শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই উদ্বোধনী অনুষ্ঠানত মানকাচৰৰ বিধায়ক আমিনুল ইছলাম মুখ্য অতিথি হিচাপে উপস্থিত থাকে। 

এই অনুষ্ঠানত জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ মিনহাজ চৌধুৰী, স্বাস্থ্য বিভাগৰ দায়িত্বত থকা জিলা অতিৰিক্ত আয়ুক্ত কুমাৰ গৌৰভ দাস, জিলা চিকিৎসালয়ৰ অধীক্ষক ডাঃ ছামছুল হক সহ জিলাখনৰ শতাধিক চিকিৎসক, নাৰ্চ আৰু স্বাস্থ্য কৰ্মী উপস্থিত আছিল। আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জিলাখনত মুঠ ১৭ খন স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত কৰি স্বাস্থ্য কেন্দ্ৰ সমূহ মূল্যায়ন কৰা হব।

আমিনুল ইছলাম