দুভাগ হ'ল পাকিস্তান!

কোনফালে যুঁজিব পাকিস্তানে। ভাৰতৰ সৈতে যুঁজ দি থকাৰ সময়তে আভ্যন্তৰীণ কন্দলত জৰ্জৰিত হোৱা পাকিস্তান দ্বিখণ্ডিত হোৱাৰ দিশে।  ভাৰতৰ সৈতে যুজঁ দি থকাৰ সময়তে পাকিস্তানী সেনাই বেলুচিস্তানৰ কুৱেটা চহৰ এৰি পলায়ন কৰিছে ।

author-image
Asomiya Pratidin
New Update
83018f8b-639b-4695-bca4-f12d63eadae9

ডিজিটেল ডেস্কঃ কোনফালে যুঁজিব পাকিস্তানে। ভাৰতৰ সৈতে যুঁজ দি থকাৰ সময়তে আভ্যন্তৰীণ কন্দলত জৰ্জৰিত হোৱা পাকিস্তান দ্বিখণ্ডিত হোৱাৰ দিশে।  ভাৰতৰ সৈতে যুজঁ দি থকাৰ সময়তে পাকিস্তানী সেনাই বেলুচিস্তানৰ কুৱেটা চহৰ এৰি পলায়ন কৰিছে । বেলুচ লিবাৰেশ্যন আৰ্মীয়ে অভিযান চলাই দখল কৰিছে চহৰখন। আৰু স্বাধীন বেলুচিস্তান ঘোষণা কৰি পতাকা উত্তোলন কৰিছে বেলুচ আৰ্মীয়ে। 

উল্লেখ কৰা প্ৰয়োজন যে, বেলুচিস্তান হৈছে পাকিস্তানৰ দক্ষিণ-পশ্চিমৰ সৰ্ববৃহত প্ৰদেশ।  এই প্ৰদেশখনৰ স্বাধীনতাৰ বাবে দীৰ্ঘদিন ধৰি যুঁজ দি আহিছে বেলুচ লিবাৰেশ্যন আৰ্মীয়ে। কিছুদিনৰ পূৰ্বে এই বেলুচ আৰ্মীয়ে হত্যা কৰিছিল ১৪গৰাকী পাকিস্তানী জোৱানক। বৰ্তমান বেলুচিস্তানৰ জনতাই পাকিস্তানৰ পতাকাৰ পৰিৱৰ্তে নিজৰ পতাকা উত্তোলন কৰিছে প্ৰদেশখনত। 

বেলুচ আৰ্মীক সৰ্মথন কৰিছে ইৰানেও। 

পাকিস্তান