ডিজিটেল ডেস্কঃ চাউল ৰপ্তানিত ভাৰতে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। চলিত বৰ্ষৰ অক্টোবৰত ভাৰতে চাউল ৰপ্তানিৰ জৰিয়তে আহৰণ কৰিছে ১ বিলিয়ন ডলাৰতকৈ অধিক ধন। চাউল ৰপ্তানিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে পূৰ্বৰ বহুকেইটা নিয়ম শিথিল কৰি দিয়া পাছতে এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২৪ চনৰ অক্টোবৰত চাউল ৰপ্তানিৰ জৰিয়তে ১০৫০.৯৩ মিলিয়ন ডলাৰ সংগ্ৰহ কৰিছে। ২০২৩ বৰ্ষৰ অক্টোবৰত সেই পৰিমাণ আছিল ৫৬৫.৬৫মিলিয়ন ডলাৰ।
২০২৩ ৰ অক্টোবৰ মাহতকৈ চাউল ৰপ্তানিৰ জৰিয়তে ভাৰতে ২০২৪ ৰ অক্টোবৰত ৮৫.৭৯ শতাংশৰ অধিক ধন আহৰণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে চলিত বছৰৰ ২৮ ছেপ্তেম্বৰত বাচমতি আৰু আন বগা চাউলৰ ৰপ্তানিৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লৈছে। চৰকাৰে প্ৰতি টন চাউলৰ ৰপ্তানিৰ মূল্য নিৰ্ধাৰণ কৰিছিল ৪৯০ ডালৰ।
ইয়াৰ উপৰিও বগা চাউলৰ ওপৰত থকা ২০ শতাংশ ৰপ্তানি শুল্ক আতৰাই দিছিল। আন চাউলৰ ক্ষেত্ৰটো এই শুল্ক ২০ শতাংশৰ পৰা ১০ শতাংশ হ্ৰাস কৰিছিল। উল্লেখযোগ্য যে, বিশ্বৰ দ্বিতীয় বৃহত্তম চাউল উৎপাদনকাৰী দেশ ভাৰত। আমেৰিকা কৃষি বিভাগৰ তথ্য অনুসৰি, ২০২৩ বৰ্ষত ভাৰতে ১৭ মিলিয়ন টন চাউল ৰপ্তানি কৰিবলৈ সক্ষম হৈছে।