/asomiyapratidin/media/media_files/2025/08/03/1-2025-08-03-12-24-34.jpg)
ডিজিটেল ডেস্কঃ জলবায়ু বিনিয়োগকাৰীসকলৰ বাবে এক উল্লেখযোগ্য স্থান হিচাপে আত্মপ্ৰকাশ কৰিছে ভাৰতে। উন্নয়নশীল দেশসমূহৰ ভিতৰত ভাৰতে যি ধৰণে পুনঃনৱীকৰণযোগ্য শক্তি, ইলেকট্ৰিক যানবাহন, গ্ৰীণ হাইড্ৰ’জেন আৰু কাৰ্বন নিঃসৰণ হ্ৰাসৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে, সেই পৰিৱৰ্তনে বিশ্বজুৰি বিনিয়োগকাৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
বিগত বৰ্ষত জলবায়ু কেন্দ্ৰিক মূলধনত ২ বিলিয়ন ডলাৰতকৈ অধিক বিনিয়োগ কৰা হৈছিল। ভাৰতৰ শক্তি আৰু স্বচ্ছ প্ৰযুক্তি খণ্ডত বৃহৎ বিনিয়োগকাৰীয়ে কৌশলগত বিনিয়োগ কৰিছে। টিপিজি ৰাইজ ক্লাইমেট আৰু লিপফ্ৰগ ইনভেষ্টমেণ্টছৰ দৰে আগশাৰীৰ বিনিয়োগকাৰীয়েও ভাৰতৰ স্বচ্ছ প্ৰযুক্তি খণ্ডত কৌশলগত বিনিয়োগ কৰিছে।
এই বৃদ্ধিৰ মূলতে হৈছে গতানুগতিক শক্তিৰ সৈতে খৰচৰ সমতা, নবীকৰণযোগ্য শক্তিৰ বৰ্ধিত চাহিদা, আৰু সহায়ক নীতি। পৰিবহণ আৰু শক্তিৰ দৰে খণ্ডসমূহে ক্ৰমান্বয়ে স্কেলেবল প্ৰযুক্তি আৰু কম নিৰ্গমন সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, যিয়ে ভাৰতত জলবায়ু বিত্তৰ ক্ষেত্ৰত এক টাৰ্নিং পইণ্ট হিচাপে চিহ্নিত কৰিছে।
বিশেষজ্ঞসকলৰ মতে, ২০৩০ চনৰ ভিতৰত ভাৰতৰ গ্ৰীণ শক্তি খণ্ডত ৫০০ বিলিয়ন ডলাৰৰ বিনিয়োগৰ সম্ভাৱনা আছে। ইতিমধ্যে ভাৰত চৰকাৰে “নেশনেল হাইড্ৰ’জেন মিছন, প্ৰডাকশন লিংকড ইনচেনটিভ আঁচনি আৰু ইনভায়ৰ’নমেণ্ট ক্লিয়ৰেন্সৰ ক্ষেত্ৰত এক ডি়জিটেল সংস্কাৰ প্ৰৱৰ্তন কৰিছে, যিয়ে বিনিয়োগৰ পথ সহজ কৰিছে।