/asomiyapratidin/media/media_files/2024/12/02/bEgNyPk3nInBr63iUGbr.jpg)
ডিজিটেল সংবাদ,শিৱসাগৰঃ শিৱসাগৰৰ আমগুৰি চহৰত সংবাদ মাধ্যম আৰু দল-সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ অবৈধ গাহৰি চিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে, ১৯ নৱেম্বৰত চোৱাইন ফিভাৰৰ বাবে গাহৰিৰ কিনা বেচা আৰু সৰৱৰাহত নিষেধাজ্ঞা আৰোপ কৰিছিল ৷বহিঃৰাজ্যৰ পৰাও শিৱসাগৰলৈ গাহৰি অনাত বাধা আৰোপ কৰিছিল ৷
কিন্তু এটা চক্ৰই আমগুৰিৰ মাজেদি ৬১ নং ঘাইপথেদি গাহৰি সৰৱৰাহ কৰি থকা বুলি জানিব পৰা গৈছে৷ দৈনিক এখন গাড়ীত প্ৰায় ১ কোটি টকাৰ গাহৰি কানপুৰৰ পৰা শিৱসাগৰৰ আমগুৰি হৈ নগালেণ্ডলৈ সৰৱৰাহ হৈ আহিছে ৷
সদৌ অসম গাহৰি পালক সন্থাই এই কাৰ্যৰ বিৰোধিতা কৰাৰ লগতে দেওবাৰে পুৱা জাজীত এখন গাহৰি ভৰ্তি ট্ৰাক আৱদ্ধ কৰে। এই সময়তেই সংবাদ সংগ্ৰহৰ বাবে যোৱা সংবাদ কৰ্মীক অৱৈধ গাহৰিৰ ব্যৱসায়ী সন্থাই চৰম দু-ব্যৱহাৰ কৰাৰ লগতে ভাবুকি প্ৰদান কৰে ৷
যাৰ প্ৰতিবাদত এনেদৰে আজি আমগুৰি আৰু শিৱসাগৰৰ সংবাদকৰ্মী সকলৰ লগতে বিভিন্ন জাতীয় সংগঠনৰ কৰ্মীয়ে মানৱ শৃংখলেৰে আমগুৰিৰ ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷গৌৰীসাগৰ থানা, আমগুৰি থানা, হালোৱাটিং থানাৰ সমুখেৰে দৈনিক সৰবৰাহ হয় বিভিন্ন অবৈধ সামগ্ৰী। কিন্তু আৰক্ষীয়ে নিৰ্বিকাৰ হৈ শুই থকা বুলিও অভিযোগ কৰে প্ৰতিবাদকাৰীয়ে।
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি, আটাছুকে ধৰি কেইবাটাও সংগঠনৰ বিষয়ববীয়াই আমগুৰিৰ মাজেদি চলি থকা বাৰ্মিজ চুপাৰি, অৰুণাচলী সুৰা, গাহৰি আদিৰ সৰবৰাহ আৰু চিণ্ডিকেটৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰাৰ লগতে আৰক্ষীৰ নিৰ্লিপ্ততাকো তীব্ৰ ভাষাৰে সমালোচনা কৰে।সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা দুষ্টচক্ৰৰ ওপৰত দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দাবী জনাই প্ৰতিবাদকাৰীসকলে।