/asomiyapratidin/media/media_files/2025/02/16/VmdNcToud1H5r7fBoNAw.jpg)
আমেৰিকা-ভাৰত
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আমেৰিকাত থাকোতেই ১১৬গৰাকী প্ৰৱাসী ভাৰতীয়ক পুনৰ ভাৰতলৈ উভতাই পঠালে আমেৰিকাই। ১৬ফেব্ৰুৱাৰী, ২০২৫ দেওবাৰে পুৱাই অমৃতশ্বৰ বিমান বন্দৰত অৱতৰণ কৰে আমেৰিকাৰ পৰা অহা এই বিশেষ বিমানখন। উল্লেখ কৰা প্ৰয়োজন যে, পূৰ্বে যেনেদৰে শিকলি লগাই ভাৰতীয়সকলক দেশলৈ প্ৰেৰণ কৰা হৈছিল, এইবাৰ অৱশ্যে তেনে কৰা নাই আমেৰিকাই।
প্ৰশাসনে সদৰি কৰা অনুসৰি, আমেৰিকাই প্ৰেৰণ কৰা এই ১১৬গৰাকী প্ৰৱাসী ভাৰতীয়ৰ ভিতৰত ৬৭গৰাকী পাঞ্জাৱৰ আৰু ৩৩গৰাকী হাৰিয়ানাৰ। ইয়াৰে ৭গৰাকী গুজৰাট, ৩গৰাকী উত্তৰ প্ৰদেশৰ, দুগৰাকী গোৱাৰ, দুগৰাকী মহাৰাষ্ট্ৰৰ, আৰু জম্মু-কাশ্মীৰ, ৰাজস্থান, হিমাচল প্ৰদেশৰ একোগৰাকীকৈ লোকৰ আছে।
সুত্ৰৰ খবৰ অনুসৰি, আমেৰিকাই পঠোৱা অবৈধ প্ৰৱাসী ভাৰতীয়ৰ ভিতৰত আছে ৪গৰাকী মহিলা আৰু দুগৰাকী নাবালিকা। ইফালে দেওবাৰে সন্ধিয়া ভাগত আমেৰিকাৰ পৰা আৰু ১৫৭গৰাকী প্ৰৱাসী ভাৰতীয়ক দেশলৈ উভতাই পঠোৱাৰ সম্ভাৱনা আছে।
ইফালে নৰেন্দ্ৰ মোডী আমেৰিকাত থাকোতে পুনৰ প্ৰৱাসী ভাৰতীয়ক দেশলৈ উভতাই পঠোৱা কাৰ্যক কটাক্ষ কৰিছে বিৰোধীয়ে। কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেই এই সন্দৰ্ভত বক্তব্য ৰাখি কয় যে, আমেৰিকাই প্ৰৱাসী ভাৰতীয়ক আৱৰ্জনাৰ দৰে ব্যৱহাৰ কৰিছে আৰু প্ৰধানমন্ত্ৰীয়ে হাঁহিমুখে চাই আছে।
উল্লেখ কৰা প্ৰয়োজন যে, যোৱা শনিবাৰে হোৱাইট হাউচত সংবাদমেল সম্বোধন কৰি অবৈধ ভাৰতীয় প্ৰব্ৰজনকাৰীক ভাৰতে ঘূৰাই লবলৈ সাজু বুলি ঘোষণা কৰিছিল মোডীয়ে।