হিন্দুৰ ওপৰত অত্যাচাৰ বন্ধ কৰকঃ বাংলাদেশক সকিয়নী আমেৰিকাৰ!

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক লৈ প্ৰথমবাৰৰ বাবে মুখ খুলিলে আমেৰিকাই। এই প্ৰসংগটোক বাংলাদেশ চৰকাৰে অচিৰেই মোকাবিলা কৰি দুষ্ট চক্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে সকিয়নী প্ৰদান কৰিলে আমেৰিকাৰ হোৱাইট হাউচে।

author-image
Asomiya Pratidin
New Update
aeme

ডিজিটেল ডেস্কঃ বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক লৈ প্ৰথমবাৰৰ বাবে মুখ খুলিলে আমেৰিকাই। এই প্ৰসংগটোক বাংলাদেশ চৰকাৰে অচিৰেই মোকাবিলা কৰি দুষ্ট চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে সকিয়নী প্ৰদান কৰিলে আমেৰিকাৰ হোৱাইট হাউচ কৰ্তৃপক্ষই। উল্লেখ্য যে, বাংলাদেশত শ্বেইখ হাছিনা চৰকাৰ পতন হোৱা ৪মাহৰ পাছত বাংলাদেশৰ আভ্য়ন্তৰীণ বিষয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে হোৱাইট হাউচে।

শুকুৰবাৰে হোৱাইট হাউচৰ তৰফৰ পৰা পৰোক্ষভাৱে একপ্ৰকাৰৰ সকিয়নী প্ৰদান কৰি বাংলাদেশ চৰকাৰক কয় যে, শ্বেইখ হাছিনা চৰকাৰৰ পতনৰ পাছতে বাংলাদেশত বহুলোক নিৰাপত্তাহীনতা ভুগিছে। হিন্দু সংখ্যালঘুসকলক যিয়ে টাৰ্গেট কৰি আক্ৰমণ কৰিছে সেই সকলৰ বিৰুদ্ধে কোনো কঠোৰ ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই। গতিকে এই ক্ষেত্ৰত বাংলাদেশ চৰকাৰে অচিৰেই ব্যৱস্থা লবই লাগিব। 

হোৱাইট হাউচৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সচিব গৰাকীয়ে সংবাদমাধ্যমক সম্বোধন কৰি এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এই সমগ্ৰ ঘটনা প্ৰৱাহক লৈ বাংলাদেশৰ সুৰক্ষা সংস্থাৰ সৈতে আমেৰিকা যোগাযোগত থকাৰ কথাও সদৰি কৰে হোৱাইট হাউচ কৰ্তৃপক্ষই। 

বাংলাদেশৰ বৰ্তমানৰ চৰকাৰৰ সৈতে অচিৰেই এই বিষয়ক লৈ কথা পতাৰ কথাও সদৰি কৰিছে আমেৰিকাই। হিন্দু তথা সংখ্যালঘুসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে আমেৰিকাই প্ৰয়োজনত ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও ব্যক্ত কৰিছে। লগতে আমেৰিকাই এই বিষয়টোক লৈ বাংলাদেশ চৰকাৰ সচেতন হোৱা প্ৰয়োজন বুলি মত পোষণ কৰে। 

বাংলাদেশ