/asomiyapratidin/media/media_files/2025/03/31/JO6Z36sLPUS4DBzHo8dF.jpg)
আকৌ ট্ৰাম্পৰ ধমক
ডিজিটেল ডেস্ক: আকৌ এবাৰ ইউক্ৰে'ইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক ধমক দিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ইউক্ৰে'ইনৰ সৈতে হোৱা খনিজ চুক্তি সন্দৰ্ভত জেলেনস্কিক সকীয়াই দিলে ড’নাল্ড ট্ৰাম্পে। "জেলেনস্কিয়ে খনিজ চুক্তিৰ পৰা পিছুৱাই যাবলৈ চেষ্টা কৰিছে, আৰু যদি তেওঁ এনেকুৱা কিবা এটা কৰে তেন্তে ফলাফল ভাল নহ’ব। ই তেওঁৰ বাবে সমস্যাৰ সৃষ্টি কৰিব" বুলি উল্লেখ কৰিলে ট্ৰাম্পে। লগতে "যদি খনিজ চুক্তিত কোনো সমস্যা হয় তেন্তে কোনোধৰণৰ দয়া নকৰিম বুলি" জেলেনস্কিক ধমক দিলে ট্ৰাম্পে।
ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সদৰী কৰে যে, "এনে কৰ্ম-কাণ্ডৰ বাবেই ইউক্ৰেইন নাটো গোটৰ অংশ নহ'ব। যদি জেলেনস্কিয়ে ভাবে যে তেওঁ খনিজ চুক্তিখনৰ পুনৰ আলোচনা কৰি ইয়াৰ পৰা হাত সাৰিব, তেন্তে এইয়া একেবাৰেই মানি লোৱা নহ'ব।"
শান্তি চুক্তিত বাধা দিয়াৰ বাবে ৰাছিয়াই কৰা প্ৰচেষ্টা সন্দৰ্ভতো ড’নাল্ড ট্ৰাম্পে মন্তব্য আগবঢ়ায়। ট্ৰাম্পে উল্লেখ কৰে যে, "যদি ৰাছিয়াই যুদ্ধবিৰতিত বাধা দিয়ে, তেন্তে আমেৰিকাই ৰাছিয়াৰ তেলৰ ওপৰত ২৫ৰ পৰা ৫০ শতাংশ গৌণ শুল্ক আৰোপ কৰিব। যদি কোনো কাৰণত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধবিৰতি চুক্তি নহয়, তেন্তে মই এমাহৰ ভিতৰত এই পৰিকল্পনা কাৰ্যকৰী কৰিম” বুলিও উল্লেখ কৰে ট্ৰাম্পে।