লাডেনৰ কোন ঘনিষ্ঠ বন্ধুক মুকলি কৰি দিলে ট্ৰাম্প!

আমেৰিকাৰ ৰাষ্ট্ৰপতি আসনত বহাৰ পিছতে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ট্ৰাম্পে। পূৰ্বৰ চৰকাৰৰ বহু সিদ্ধান্তৰ বিপৰীত মেৰুত অৱস্থাত কৰিছে ট্ৰাম্পৰ ৰিপাব্লিক দলৰ চৰকাৰে।

author-image
Asomiya Pratidin
New Update
লাডেনৰ কোন ঘনিষ্ঠ বন্ধুক মুকলি কৰি দিলে ট্ৰাম্প!

লাডেনৰ কোন ঘনিষ্ঠ বন্ধুক মুকলি কৰি দিলে ট্ৰাম্প!

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি আসনত বহাৰ পিছতে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ট্ৰাম্পে। পূৰ্বৰ চৰকাৰৰ বহু সিদ্ধান্তৰ বিপৰীত মেৰুত অৱস্থাত কৰিছে ট্ৰাম্পৰ ৰিপাব্লিক দলৰ চৰকাৰে। শেহতীয়াকৈ ট্ৰাম্প চৰকাৰে পূৰ্বৰ জ' বাইডেন চৰকাৰে মুকলি নিদিয়া কেইবাগৰাকীও বিদেশী কাৰাবন্দী অপৰাধীক মুকলি কৰি দিছে। 

আমেৰিকাৰ নতুন চৰকাৰে মুকলি কৰি দিয়া এই অপৰাধীৰ তালিকাত আছে লাডেনৰ এগৰাকী অতি ঘনিষ্ঠ বন্ধুও। দৰাচলতে আফগানিস্তানৰ তালিবান চৰকাৰে আমেৰিকাৰ চৰকাৰৰ ওচৰত এক চৰ্ত ৰাখিছিল। 

তেওঁলোকৰ ৩কাৰাবন্দীক মুকলি কৰি দিয়াৰ বিনিময়ত আমেৰিকাত কাৰাবন্দী হৈ থকা মহম্মদ খান নামৰ কয়দী গৰাকীক মুকলি কৰি দিয়াৰ চৰ্ত ৰাখিছিল তালিবান চৰকাৰে। এই চৰ্ত মানি লৈ শেহতীয়াকৈ আমেৰিকাই মুকলি কৰি দিলে মহম্মদ খানক।  

এই মহম্মদ খান হৈছে ওছামা বিন লাডেনৰ অতি ঘনিষ্ঠ বন্ধু।  এই মহম্মদ খানক পূৰ্বৰ জ'  বাইডেন চৰকাৰে মুকলি কৰি নিদিয়াৰ নিৰ্দেশ জাৰি কৰিছিল। কিন্তু শেহতীয়াকৈ ট্ৰাম্প চৰকাৰে ইয়াৰ বিপৰীত সিদ্ধান্তহে গ্ৰহণ কৰা দেখা গ'ল। 

আমেৰিকা