/asomiyapratidin/media/media_files/2025/06/22/1ttrtrr-2025-06-22-11-40-09.jpg)
ডিজিটেল ডেস্কঃ ইৰাণ-আমেৰিকাৰ যুদ্ধৰ পূৰ্বেই ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে সকীয়াই দিছিল যে যদি আমেৰিকাই ইজৰাইলৰ সৈতে যুদ্ধত অংশগ্ৰহণ কৰে তেন্তে ই সেয়া সকলোৰে বাবে অত্যন্ত বিপজ্জনক হ’ব।
এই সকীয়নিৰ পাছতে আমেৰিকাই ইৰাণৰ ওপৰত আক্ৰমণ চলাই, ফলস্বৰূপে এই আক্ৰমণৰ পৰিণাম অতি ভয়াৱহ হ'ব বুলি বুজি উঠিছে সমগ্ৰ বিশ্বই। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনেই ইতিমধ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সকীয়াই দিছে যে ইৰাণে আত্মসমৰ্পণ নকৰে।
ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণৰ পিছত এই সংঘাতে যে অতি সোনকালে সমগ্ৰ অঞ্চলটোক আগুৰি ধৰিব সেয়া নিশ্চিত। ইয়াৰ প্ৰতি ইৰাণে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও আগন্তুক দিনত উপসাগৰীয় অঞ্চলৰ পৰিস্থিতি যে অতি উত্তেজনাপূৰ্ণ হ’ব সেয়া নিশ্চিত হৈ পৰিছে।
ইৰাণ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ পৰিস্থিতি এতিয়া যেন ২০০৩ চনৰ একে যুগলৈ ঘূৰি আহিছে যেতিয়া ইয়াত আটাইতকৈ বেছি ৰক্তপাত হৈছিল। উপসাগৰীয় অঞ্চলত অৱস্থিত আমেৰিকাৰ সামৰিক ঘাটিসমূহক ইৰাণে এতিয়া লক্ষ্য কৰি ল’ব পাৰে বুলি ধাৰণা কৰা হৈছে।
ইৰাকৰ সেনা বাহিনীয়েও ইৰাণক সমৰ্থন জনাই যুদ্ধত হাত উজান দিছে। বৰ্তমান আমেৰিকাৰ বাহিনী তুৰস্ক, ছিৰিয়া, লেবানন, ইৰাক, বাহৰেইন, ইজৰাইল, ইজিপ্ত, জিবুতি, আৰব সাগৰ আৰু কুৱেইটত নিয়োজিত হৈ আছে।
সৰ্বাধিক ১০ হাজাৰ আমেৰিকান সৈনিক কুৱেইটত আছে। এই অঞ্চলত মুঠ ৫১৪০০ জোৱানে শিবিৰ পাতি আছে। ইতিমধ্যে য়েমেনত থকা হাউথীয়ে কয় যে যদি ইৰাণক আক্ৰমণ কৰা হয় তেন্তে তেওঁলোকে আমেৰিকাৰ জাহাজক লক্ষ্য কৰি ল'ব।
উল্লেখ কৰা প্ৰয়োজন যে, ইৰাণ-আমেৰিকাৰ যুদ্ধত হিজবুল্লাহৰ যিকোনো হস্তক্ষেপে ইজৰাইলত পুনৰ ধ্বংসলীলা চলোৱাৰ সম্ভাৱনা আছে। এই যুদ্ধই যোৱা বছৰ লেবাননৰ এক বৃহৎ অংশ ধ্বংস কৰি উত্তৰ ইজৰাইলৰ হাজাৰ হাজাৰ লোকক গৃহহীন কৰি পেলাইছিল।
ইয়াৰ বাহিৰেও যদি ইৰাণে হৰমুজ জলদ্বীপ বন্ধ কৰি দিয়াত সফল হয়, তেন্তে এই পদক্ষেপে বিশ্ব অৰ্থনীতি আৰু উপসাগৰীয় অঞ্চলত শক্তি যোগান ধৰা দেশসমূহৰ বাবে এক ডাঙৰ আঘাত হ’ব পাৰে। বিশ্বৰ ২০ শতাংশ তেল এই পথেৰে পাৰ হৈ যায়।