Advertisment

ট্ৰাম্পৰ প্ৰথমখন কেবিনেটত ইউক্ৰেইনক লৈ ডাঙৰ সিদ্ধান্ত...

আমেৰিকা চৰকাৰৰ প্ৰথমখন কেবিনেটতে গুৰুত্বপূৰ্ণ কিছু সিদ্ধান্তই সকলোকে হতচকিত কৰিছে।  এই কেবিনেট বৈঠকৰ পাছতে ট্ৰাম্পে ৰাজহুৱাভাৱে ঘোষণা কৰিছে যে, ইউক্ৰেইনে নাটো (NATO)ৰ অন্তভূক্ত হোৱাৰ সপোন পাহঁৰি যাওঁক। যদিহে তেওঁলোকে আমাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিব বিচাৰে। 

author-image
Asomiya Pratidin
New Update
kkll

ডিজিটেল ডেস্কঃ আমেৰিকা চৰকাৰৰ প্ৰথমখন কেবিনেটতে গুৰুত্বপূৰ্ণ কিছু সিদ্ধান্তই সকলোকে হতচকিত কৰিছে।  এই কেবিনেট বৈঠকৰ পাছতে ট্ৰাম্পে ৰাজহুৱাভাৱে ঘোষণা কৰিছে যে, ইউক্ৰেইনে নাটো (NATO)ৰ অন্তভূক্ত হোৱাৰ সপোন পাহঁৰি যাওঁক। যদিহে তেওঁলোকে আমাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিব বিচাৰে। 

Advertisment

ট্ৰাম্পে লগতে কয় যে, আমেৰিকাক শলঠেকত পেলাবৰ বাবেই গঠন কৰা হৈছিল ইউৰোপীয় সংঘ। মই এই কথা বুকুত হাত দি ক'ব পাৰো। গতিকে এই সংঘৰ সৈতে ভাল সম্পৰ্ক ৰক্ষা কৰি চলা কাৰোৰে সৈতে আমাৰ আলোচনা অসম্ভৱ। উল্লেখ কৰা প্ৰয়োজন যে, ট্ৰাম্পে এই ঘোষণা সেই সময়ত কৰিছে যিসময়ত আমেৰিকা ভ্ৰমণলৈ যোৱাৰ কথা আছিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি।

এই সম্পাহতে জেলেনস্কি আমেৰিকাৰ হোৱাইট হাউচলৈ যোৱা কথা আছিল। ট্ৰাম্পে সংবাদমেলত কৰিছিল এই ঘোষণা। ইউক্ৰেইনৰ পৰা খনিজ পদাৰ্থ আমেৰিকালৈ ৰপ্তানি কৰাৰ ক্ষেত্ৰত এক চুক্তিত স্বাক্ষৰ কৰিবলৈ ট্ৰাম্পৰ সৈতে বৈঠকত বহিব জেলেনস্কি। 

 

 

আমেৰিকা