/asomiyapratidin/media/media_files/2025/06/12/k98eNd94H45Z3sXHpVp6.jpg)
ডিজিটেল ডেস্কঃ যোৱা কিছুদিন ধৰি ট্ৰাম্প আৰু এলন মাস্কৰ বন্ধুত্বত মেলিছিল ফাট। এজনে আনজনৰ বিৰুদ্ধে কৰিছিল তীৰ্যক মন্তব্য। সমালোচনা গৈ এই পৰ্যায় পাইছিলগৈ যে, এজনে আনজনৰ বিৰুদ্ধে ব্যক্তিগত পৰ্যায়তো কৰিছিল আক্ৰমণ। কিন্তু দুয়োগৰাকী বন্ধুৰ এই অভিমান কিছুদিনৰ বাবেহে আছিল। শেহতীয়া খবৰ অনুসৰি, লাহে লাহে পুনৰ কাষ চাপিছে ট্ৰাম্প আৰু এলন মাস্ক।
হোৱাইট হাউছে সদৰি কৰিছে যে, এলন মাস্কে ক্ষমা প্ৰাৰ্থনা বিচাৰিছে ট্ৰাম্পক। আৰু ট্ৰাম্পেও ঘনিষ্ঠতম বন্ধুগৰাকীক পুনৰ আকোৱালি লৈছে। হোৱাইট হাউচৰ এগৰাকী উচ্চ পদস্থ বিষয়াই সদৰি কৰিছে যে, ট্ৰাম্প আৰু এলন মাস্কৰ মাজত এতিয়া কোনো শত্ৰুতা নাই। তেওলোক দুয়োৰো এতিয়া এটাই লক্ষ্য আমেৰিকাৰ জনজীৱন উন্নত আৰু ব্যৱসায় বাণিজ্যৰ প্ৰসাৰ কৰা।
যোৱা সোমবাৰে এলন মাস্কে নিজেই ফোন কৰে ট্ৰাম্পক। সামাজিক মাধ্যমযোগেও এলন মাস্কে ক্ষমা খোজে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক। তাৰ পিছতে যোৱা বুধবাৰে হোৱাইট হাউচৰ তৰফৰ পৰা এলন আৰু ট্ৰাম্পৰ অভিমান যৱনিকা পৰাৰ কথা ঘোষণা কৰে।