মাতৃভূমিৰ ওপৰত ৰঙা চকু দিলে সহ্য নকৰোঃ চিৰিয়াত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক...

চিৰিয়াত আমেৰিকান সেনাৰ আক্ৰমণ। অলকায়দাৰ এটা ঘাটিত আমেৰিকাৰ এই এয়াৰষ্ট্ৰাইকত  মৃত্যু হৈছে সন্ত্ৰাসবাদী সংগঠনটোৰ এগৰাকী জ্যেষ্ঠ কামাণ্ডাৰ। আমেৰিকাই শেহতীয়াকৈ সদৰি কৰিছে এই তথ্য। 

author-image
Asomiya Pratidin
New Update
চিৰিয়া

চিৰিয়া Photograph: (চিৰিয়া)

ডিজিটেল ডেস্কঃ চিৰিয়াত আমেৰিকান সেনাৰ আক্ৰমণ। অলকায়দাৰ এটা ঘাটিত আমেৰিকাৰ এই এয়াৰষ্ট্ৰাইকত  মৃত্যু হৈছে সন্ত্ৰাসবাদী সংগঠনটোৰ এগৰাকী জ্যেষ্ঠ কামাণ্ডাৰ। আমেৰিকাই শেহতীয়াকৈ সদৰি কৰিছে এই তথ্য। 

আমেৰিকান সেনাই যোৱা দেওবাৰে নিশাই চলাইছিল এই আক্ৰমণ। পশ্চিম চিৰিয়াৰ এটা বিশেষ বিমান ঘাটিত অলকায়দাৰ সন্ত্ৰাসবাদীয়ে  বাহৰ পাতি থকা খবৰ পোৱাৰ পাছতে আমেৰিকান সেনাই চলায় এই এয়াৰ ষ্ট্ৰাইক। 

এই এয়াৰ ষ্ট্ৰাইকৰ পাছতে আমেৰিকান সেনা প্ৰধানে সদৰি কৰিছে যে, আমাৰ মাতৃভুমিৰ ওপৰত ৰঙা চকু দিয়া কোনো সন্ত্ৰাসবাদীক আমি সহ্য নকৰো। উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ৩০জানুুৱাৰীতো আমেৰিকাই চিৰিয়াত চলাইছিল আক্ৰমণ।

আমেৰিকা