আমেৰিকাক এশিকনি দিবলৈ পুটিনৰ কাষ চাপিছে ইৰাণ...

মধ্য প্ৰাচ্যৰ যুদ্ধভূমিত এইবাৰ যেন প্ৰৱেশ কৰিব ৰাছিয়াই। আমেৰিকাই ইৰাণৰ ওপৰত চলোৱা আক্ৰমণৰ পিছতে হয়তো ইৰাণৰ বন্ধু ৰাষ্ট্ৰ হিচাপে জনাজাত ৰাছিয়াই যুদ্ধত ইৰাণক সংগ দিবলৈ যুদ্ধভূমিত

author-image
Asomiya Pratidin
New Update
pyuti

ডিজিটেল ডেস্কঃ মধ্য প্ৰাচ্যৰ যুদ্ধভূমিত এইবাৰ যেন প্ৰৱেশ কৰিব ৰাছিয়াই। আমেৰিকাই ইৰাণৰ ওপৰত চলোৱা আক্ৰমণৰ পিছতে হয়তো ইৰাণৰ বন্ধু ৰাষ্ট্ৰ হিচাপে জনাজাত ৰাছিয়াই যুদ্ধত ইৰাণক সংগ দিবলৈ যুদ্ধভূমিত প্ৰৱেশ কৰিব পাৰে। ইতিমধ্যে ইয়াৰ প্ৰাৰম্ভিক কুজকাৱাজ আৰম্ভ হৈছে বুলি আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমত খবৰ প্ৰকাশ পাইছে।

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে, আমেৰিকাই ইৰাণৰ ওপৰত কৰা এয়াৰ ষ্ট্ৰাইকৰ পিছতে আজি ইৰাণৰ বিদেশ মন্ত্ৰীৰ সৈতে বৈঠকত বহিব পুটিন। আজি দুপৰীয়া ভাগত দুয়োগৰাকী নেতাৰ বৈঠকৰ সময় নিৰ্ধাৰণ কৰা হৈছে। এই বৈঠকতে যুদ্ধৰ প্ৰেক্ষাপটৰ সন্দৰ্ভত সবিস্তাৰে পুটিনক জনাব ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ অৰাঘছীয়ে। 

এই বৈঠকতে ইৰাণে এই যুদ্ধৰ সময়ত ৰাছিয়াৰ পৰা সহায় বিচাৰিব পাৰে। আৰু যদিহে ইৰাণে সহায় বিচাৰে তেন্তে ৰাছিয়াই ইৰাণক সহায় কৰাতো প্ৰায় ১০০শতাংশ নিশ্চিত। অৱশ্যে ট্ৰাম্পৰ সৈতে পুটিনৰ ব্যক্তিগত সম্পৰ্কই ইয়াৰ কিছু বাধা সৃষ্টি কৰিলেও ইৰাণৰ সৈতে ৰাছিয়াৰ অৰ্থনৈতিক দিশলৈ চাই ৰাছিয়াই ইৰাণৰ সংগ দিয়াটো নিশ্চিত। 

ইৰাণ ইজৰাইল যুদ্ধ ৰাছিয়া