বন্ধুৰ নামত কলংক! ভাৰতৰ ওপৰত ২৫শতাংশ কৰৰ বোজা জাপি দিলে 'পৰমমিত্ৰ' আমেৰিকাই...

ইউক্রেইন আক্রমণকাৰী ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্রয় কৰাৰ 'শাস্তি' হিচাপে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিলে আমেৰিকাই। ভাৰতে অত্যধিক শুল্ক আৰোপ কৰি মার্কিন

author-image
Asomiya Pratidin
New Update
grwfbhtfgh

ডিজিটেল ডেস্কঃ  ইউক্রেইন আক্রমণকাৰী ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্রয় কৰাৰ 'শাস্তি' হিচাপে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিলে আমেৰিকাই। ভাৰতে অত্যধিক শুল্ক আৰোপ কৰি মার্কিন সামগ্রীক ভাৰতৰ বজাৰ দখল কৰাত বাধা দি অহাৰ প্রতিশোধ লোৱা হ'ব বুলি মার্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে বহুবাৰ ভাবুকি দিছিল।

Advertisment

কিন্তু নাটকীয়ভাবে  আমেৰিকাই বাধা নিষেধ নেওচি ৰাছিয়াৰ পৰা তেলক্ৰয় কৰাৰ বাবেহে ভাৰতৰ পণ্যৰ ওপৰত আৰোপ কৰিলে অতিৰিক্ত ২৫ শতাংশ শুল্ক। মার্কিন বজাৰত ভাৰতে নিজৰ উৎপাদিত সামগ্রী বিক্রী কৰি থকাৰ বিপৰীতে মার্কিন সামগ্রী ভাৰতত বিক্ৰী কৰাত অত্যধিক শুল্ক আৰোপেৰে প্রতিবন্ধকতাৰ সৃষ্টি কৰি আহিছে বুলি ট্রাম্প প্রশাসনে অভিযোগ কৰিছিল। দুয়োখন দেশৰ মাজত বাণিজ্যিক বুজা-পৰাৰ বাবে কেইবালানি আলোচনা অনুষ্ঠিত হয় আৰু কিছুমান মার্কিন সামগ্ৰী ভাৰতৰ বজাৰত বিক্ৰীৰ পথ মুকলি কৰিবৰ বাবে ভাৰতক হেঁচা দিছিল।

কিন্তু আমেৰিকাৰ, বিশেষকৈ জিনগতভাৱে পৰিৱর্তিত হাইব্রীড শস্য, ফল আদিব বাবে ভাৰতে বজাৰ মুকলি কৰি দিব বিচৰা নাই। ভাৰতে মার্কিন পণ্য সামগ্রীৰ বাবে বজাৰ মুকলি কৰি নিদিয়াৰ বাবে আমেৰিকা ক্ষুব্ধ হৈ থকাৰ সময়তে আজি মার্কিন বাষ্ট্রপতি ট্রাম্পে ঘোষণা কৰিলে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰা হৈছে আৰু এয়া আৰোপ কৰা হৈছে বাছিয়াৰ পৰা তেল কিনাৰ শাস্তি হিচাপে। ছ'চিয়েল মিডিয়াত ট্রাম্পে ক'লে- বন্ধু হ'লেও ভাৰতৰ ওপৰত শুদ্ধ আৰোপ কৰা হৈছে।  অহা ১ আগষ্টৰ পৰা এই নতুন শুল্ক প্রযোজ্য হ'ব।

তেওঁ কয়- 'ভাৰতে ৰাছিয়াৰ পৰা প্ৰচুৰ তেল আৰু সমৰাস্ত্র ক্রয় কৰে। সেইবাবেই ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক জাপি দিয়া হৈছে।' এই কার্যৰ ফলত আমেৰিকাৰ বজাৰত পণ্য সামগ্রী বিক্ৰী কৰিব বিচৰা ভাৰতীয় কোম্পানীসমূহে ১ আগষ্টৰ পৰা ২৫ শতাংশ অতিৰিক্ত শুল্ক ভৰিব লাগিব। তদুপৰি মার্কিন বজাৰত ভাৰতীয় সামগ্ৰীৰ দাম বৃদ্ধি পোৱা আৰু চাহিদা হ্রাস পোৱাৰ আশংকা বাঢ়িল।

'টুথ ছ'চিয়েল'ত ডনাল্ড ট্রাম্পে কয়- 'বিগত বছৰ বছৰ ধৰি ভাৰতে নিজৰ ৰক্ষণাত্মক নীতিৰ ভিত্তিত বাণিজ্য চলাই আহিছে আৰু আমেৰিকাই তেওঁলোকৰ লগত তুলনামূলকভাবে অতি কমকৈ ব্যবসায়-বাণিজ্য কৰি আহিছে বুলি ভাবে।' ট্রাম্পে এইবুলিও কয় যে যি সময়ত সকলোৱে ৰাছিয়াই ইউক্রেইনত চলোৱা নিধনযজ্ঞ বন্ধ হোৱাটো বিচাৰিছে, সেই সময়ত ভাৰতে বাছিয়াৰ পৰা বৃহৎ পৰিমাণৰ যুদ্ধাস্ত্র ক্রয় কৰিছে।

চীনৰ লগতে ভাৰত ৰাছিয়াৰ তেলৰ বৃহত্তম গ্রাহক বুলিও মার্কিন বাষ্ট্রপতি ড'নাল্ড ট্রাম্পে কয়। লক্ষণীয় যে আমেৰিকাই দীর্ঘদিন ধৰি ভাৰতক অধিক শুদ্ধ আৰোপৰ ভাবুকি দিছিল। লগতে কিছুমান মার্কিন সামগ্রীৰ ভাৰতত শুষ্ক হ্রাস বা ন্যূনতম কৰি ভাৰতৰ বজাৰ দখলৰ পথ মুকলি কৰাৰ চেষ্টা চলাইছিল। কিন্তু ভাৰত সম্মত নোহোৱাৰ বা দুয়ো দেশৰ মাজৰ বাণিজ্যিক চুক্তি চূড়ান্ত হৈ নুঠাত আমেৰিকা ক্ষুণ্ণ হৈ পৰিছে বুলি সহজেই অনুমেয় হৈ পৰে।

সেয়ে আজি মার্কিন সামগ্ৰীৰ ওপৰত ভাৰতে আৰোপ কৰি অহা অত্যধিক শুল্ক বা কৰৰ বিষয়টো এৰি অপ্রত্যাশিতভাবে ট্রাম্প প্রশাসনে ঘোষণা কৰিলে ৰাছিয়াৰ পৰা যুদ্ধাস্ত আৰু থাকরা তেল ক্রয় কৰাৰ শাস্তি'। ফলত এতিয়া ভাৰতীয় যিসমূহ কোম্পানীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ পণ্য সামগ্রী ৰপ্তানি কৰে, সেইসমূহ কোম্পানীয়ে অতিৰিক্ত দহ শতাংশ শুদ্ধ আমেৰিকাক দিব লাগিব।

অর্থাৎ আমেৰিকাৰ বজাৰত ভাৰতীয় পণ্যৰ দাম স্বাভাবিকভাবেই বৃদ্ধি পাব। দাম বৃদ্ধিব বাবে হ্রাস বা একেবাবে চাহিদা নোহোৱা হ'ব পাবে ভাবতীয় সামগ্রীৰ। আমেৰিকালৈ ভাৰতৰ পৰা ৰপ্তানি হোৱা সামগ্রীসমূহৰ ভিতৰত অন্যতম হৈছে বস্তু, বেডিমেড পোছাক, বহু, আ-অলংকাৰ, হীৰা, যন্ত্র পাতি, মছলা, ঔষধ, জৈবিক বাসায়নিক দ্রব্য, কৃষি সামগ্রী, অভিযান্ত্রিক সামগ্রী, জোতা, প্রস্তুত খাদ্য আদি।

এই সামগ্রী ৰপ্তানি কৰা কোম্পানীসমূহে অতিৰিক্ত শুল্কৰ হেঁচাত আমেৰিকালৈ ৰপ্তানি বন্ধ কৰিব লাগিব নাইবা সামগ্রীৰ দাম বৃদ্ধি কৰিব লাগিব। 

আমেৰিকা ডোনাল্ড ট্ৰাম্প