/asomiyapratidin/media/media_files/2025/06/22/bhudd-2025-06-22-12-45-26.jpg)
ডিজিটেল ডেস্কঃ আজিৰে পৰা নীলাচলৰ বুকুত আৰম্ভ অম্বুবাচী মহাযোগ। অম্বুবাচী মহাযোগ উপলক্ষে যান-বাহন সম্পর্কীয় বিশেষ নিৰ্দেশনা প্ৰদান কৰা হৈছে।
১. ভক্তসকলক কঢ়িয়াই অনা যান-বাহনসমূহে নীলাচল ফ্লাইঅভাৰৰ তলত যাত্ৰীসকলক নমাই আদাবাৰী বাছষ্টেণ্ড আৰু বৰিপাৰা খেলপথাৰত যান-বাহনবোৰ ৰাখিব লাগিব।
২. নীলাচল ফ্লাইঅভাৰৰ তলৰ ছাৰ্ভিছ লেনেৰে সাধাৰণ জনতাৰ চলাচল সীমিত কৰা হ'ব।
৩. ব্যক্তিগত যান-বাহন লৈ অহা ভক্তসকলে আদাবাৰী বাছষ্টেণ্ড, বৰিপাৰা খেলপথাৰ বা মাছখোৱাৰ ASTCত যান-বাহনসমূহ ৰাখিব লাগিব।
৪. নিম্নোলিখিত স্থানসমূহত পথৰ দাঁতিত যান-বাহনৰ পার্কিং নিষিদ্ধ থাকিবঃ
ক) পাণ্ডু পোর্ট ৰোডত আদাবাৰী তিনিআলিৰপৰা পাণ্ডু পোর্ট পর্যন্ত পথৰ দুয়ো কাষত।
খ) বৰবজাৰ ৰোডত মালিগাঁও চাৰিআলিৰ পৰা পাণ্ডু পোর্ট পর্যন্ত পথৰ দুয়োটা কাষত।
গ) এলিভেটেড কৰিডৰত।
ঘ) শান্তিপুৰ বাছ ষ্টেণ্ডৰ পৰা এলিভেটেড কৰিডৰৰ আৰম্ভণিলৈ ডি জি ৰোডৰ দুয়োটা কাষত।
ঙ) এলিভেটেড কৰিডৰৰ আৰম্ভণিৰ পৰা নীলাচল ফ্লাইঅভাৰৰ আৰম্ভণিলৈ ডি জি ৰোডৰ দুয়োটা
কাষত।
চ) নীলাচল ফ্লাইঅ ভাৰৰ দুয়োটা কাষত।
ছ) নীলাচল ফ্লাইঅভাৰ পৰা আদাবাৰী তিনিআলিলৈ পথৰ দুয়ো কাষত।
৫. অম্বুবাচী মহাযোগৰ দিনকেইটাত তিনিচকীয়া বা অধিক চকাযুক্ত মালবাহী বাণিজ্যিক বাহন, কম গতিসম্পন্ন মালবাহী বাহন/ঠেলাগাড়ী ইত্যাদিৰ চলাচল জালুকবাৰী ৰ'টাৰীৰ পৰা মাছখোৱালৈ ডি জি ৰোড, এম জি ৰোড, এছ টি ৰোডত পুৱা ৫ বজাৰ পৰা নিশা ১১ বজালৈ বন্ধ থাকিব।
৬. অম্বুবাচী মহাযোগৰ দিনকেইটাত তিনিচকীয়া বা অধিক চকাযুক্ত মালবাহী বাণিজ্যিক বাহন, কম গতিসম্পন্ন মালবাহী বাহন/ঠেলাগাড়ী ইত্যাদিৰ চলাচল পাণ্ডু পোর্ট ৰোডত আদাবাৰী তিনিআলিৰ পৰা পাণ্ডু পোর্টলৈ আৰু বৰবজাৰ ৰোডত মালিগাঁও তিনিআলিৰ পৰা পাণ্ডু পোর্টলৈ পুৱা ৫ বজাৰপৰা নিশা ১১ বজালৈ বন্ধ থাকিব।
৭. ডি জি ৰোড, এম জি ৰোড আৰু এ টি ৰোডত কোনো ধৰণৰ আন্তঃজিলা পৰিবহন বাছ আৰু দীর্ঘ দূৰত্বৰ বাছৰ (অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনস্থ বাছকে ধৰি) চলাচল বন্ধ থাকিব।
৮. নামনি অসমৰ পৰা অহা সকলো ধৰণৰ দীর্ঘ দূৰত্বৰ বাছ মাছখোৱা অভিমুখে যাব নোৱাৰিব। বাছবোৰ আদাবাৰী বাছষ্টেণ্ডত ৰখাব লাগিব।
৯. কামাখ্যা ৰে'লৱে ষ্টেচনৰ পৰা ভক্তসকলক কঢ়িয়াই অনা বাছবোৰ পি এম জি বি ৰোড-ডি জি ৰোড-আদাবাৰী তিনিআলি-পাণ্ডু পোর্ট ৰোড হৈ আগবাঢ়ি ভক্তসকলক পাণ্ডু পোৰ্টৰ অস্থায়ী বিশ্রাম শিবিৰত নমাব।
১০. পাণ্ডু পোর্ট আৰু কামাখ্যা ষ্টেচনৰ অস্থায়ী শিবিৰৰপৰা অহা ভক্তসকলে নীলাচল ফ্লাইঅভাৰৰ ছাৰ্ভিছ লেনেৰে দেৱালয় অভিমুখে যাত্রা কৰিব।
১১. ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা তেঁতেলীয়া হৈ গোশালা অভিমুখে কোনো গধুৰ বাহনক যাবলৈ দিয়া নহ'ব।