২৫- ২৬ এপ্ৰিলত সেউজ সংঘত ‘সেউজ সন্ধিয়া’...

মহানগৰীৰ অম্বিকাগিৰি নগৰস্থিত সেউজ সংঘত ২মাৰ্চ ২০২৫ দেওবাৰে এখন সাধাৰণ সভা অনুষ্ঠিত হয়। এই সভাতে ২০২৫ বৰ্ষৰ সেউজ সন্ধিয়া সন্দৰ্ভত আলোচনা কৰা হয়। 

author-image
Asomiya Pratidin
New Update
সেউজ সংঘ

সেউজ সংঘ

ডিজিটেল ডেস্ক: মহানগৰীৰ অম্বিকাগিৰি নগৰস্থিত সেউজ সংঘত ২মাৰ্চ ২০২৫ দেওবাৰে এখন সাধাৰণ সভা অনুষ্ঠিত হয়। এই সভাতে ২০২৫ বৰ্ষৰ সেউজ সন্ধিয়া সন্দৰ্ভত আলোচনা কৰা হয়। 

অহা ২৫ আৰু ২৬ এপ্ৰিলত সাধাৰণ সভাৰ সিদ্ধান্ত অনুসৰিয়েই সেউজ সংঘই দুদিনীয়া কাৰ্যসূচীৰে 'সেউজ সন্ধিয়া' অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। উক্ত সেউজ সন্ধিয়াৰ বাবে দেওবাৰৰ সাধাৰণ সভাতে এখন কমিটীও গঠন কৰা হয়।

২০২৫ বৰ্ষৰ সেউজ সন্ধিয়া উদযাপন সমিতিৰ সভাপতি হিচাপে গংগাপদ চৌধুৰী আৰু সাধাৰণ সম্পাদক হিচাপে বিদিত বৰুৱাক সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰে। উক্ত সেউজ সন্ধিয়া উপলক্ষে সাংস্কৃতিক সম্পাদকৰ দায়িত্ব প্ৰদান কৰে বিশিষ্ট আইনজীৱী দীপ্ত প্ৰসাদ গোস্বামীক।

উক্ত সাধাৰণ সভাখনত সভাপতিত্ব কৰে সেউজ সংঘৰ সভাপতি প্ৰাণজিৎ বৰুৱাই।

guwahati