Advertisment

দিছপুৰত কংগ্ৰেছৰ অম্বেদকাৰ সন্মান যাত্ৰা

কংগ্ৰেছৰ সমদলক লৈ সষ্টম হৈছে মহানগৰ আৰক্ষী-প্ৰশাসন। উক্ত কাৰ্যসূচীৰ বাবে অনুমতি প্ৰদান কৰা নাই প্ৰশাসনে। ইতিমধ্যে দিছপুৰত আৰক্ষীয়ে ব্যাপক নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে।

author-image
Asomiya Pratidin
New Update
cv

ডিজিটেল ডেস্কঃ  বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে ড০ আম্বেদকাৰৰ উত্তৰাধিকাৰ ৰক্ষাৰ বাবে কংগ্ৰেছ দলৰ দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি "আম্বেদকাৰ সন্মান যাত্ৰা"ৰ বেনাৰত দেশজোৰা প্ৰতিবাদৰ কথা ঘোষণা কৰিছিল। সেয়ে আজি সমগ্ৰ ৰাজ্যতে কংগ্ৰেছে "অম্বেদকাৰ সন্মান যাত্ৰা" ৰূপায়ণ কৰিছে।

Advertisment

মহানগৰীৰ অন্তৰ্গত মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ সন্মুখৰ পৰা সাংসদ গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে এই সমদল উলিয়াই। উক্ত কাৰ্যসূচীত বিৰোধী নেতৃত্ব সকলে অংশ লৈছে। ইফালে কংগ্ৰেছৰ সমদলক লৈ সষ্টম হৈছে মহানগৰ আৰক্ষী-প্ৰশাসন। উক্ত কাৰ্যসূচীৰ বাবে অনুমতি প্ৰদান কৰা নাই প্ৰশাসনে। ইতিমধ্যে দিছপুৰত আৰক্ষীয়ে ব্যাপক নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে।

উল্লেখ কৰা প্ৰয়োজন যে, গৃহমন্ত্ৰী অমিত শ্বাহে আম্বেদকাৰক অসন্মান কৰা বাবে পদত্যাগ কৰিব লাগে বুলি কালি ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি মন্তব্য কৰিছিল সাংসদ গৌৰৱ গগৈয়ে। লগতে অমিত শ্বাহৰ পদত্যাগৰ দাবীৰে মঙলবাৰে প্ৰতিখন জিলাত আম্বেদকাৰ সন্মান যাত্ৰা উলিওৱাৰ নিৰ্দেশ দিছিল বিৰোধী উপ দলপতি গৰাকীয়ে।

কংগ্ৰেছ