/asomiyapratidin/media/media_files/2025/07/17/amarnath-yatra-2025-07-17-21-57-58.jpeg)
ডিজিটেল ডেস্কঃ যোৱা দুদিন ধৰি ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ বাবে পেহেলগাম আৰু বাল্টাল দুয়োটা বেছ কেম্পৰ পৰা বৃহস্পতিবাৰৰ পৰা অমৰনাথ যাত্ৰা স্থগিত ৰখা হৈছে। ক্ষতিগ্ৰস্ত হোৱা দুয়োটা পথ পুনৰুদ্ধাৰৰ কামৰ প্ৰয়োজন হৈছে।
শুকুৰবাৰে বেছ কেম্প দুটাৰ পৰা যাত্ৰা মুকলি কৰাৰ পূৰ্বে সীমান্ত পথ সংস্থাই আৰম্ভ কৰিছে কাম। উল্লেখ্য যে, এইবাৰ জম্মুৰ পৰা এই যাত্ৰা স্থগিত ৰখা হৈছে। কাশ্মীৰৰ গণ্ডাৰবল জিলাৰ বাল্টাল পথত সংঘটিত হোৱা ভূমিস্খলনত ইতিমধ্যে এগৰাকী মহিলা তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে।
এই সন্দৰ্ভত জিলা আয়ু্ক্ত বিজয় কুমাৰ বিধুৰীয়ে কয় যে, ‘যোৱা দুদিন ধৰি অবিৰত বৰষুণৰ বাবে ট্ৰেকসমূহৰ জৰুৰী মেৰামতি আৰু সুৰক্ষাৰ কাম আৰম্ভ কৰিবলগীয়া হৈছে। সেয়েহে আজি সিদ্ধান্ত লোৱা হৈছে যে বেচ কেম্প দুটাৰ পৰা পবিত্ৰ গুহা অভিমুখে কোনো ধৰণৰ গতিবিধিৰ অনুমতি দিয়া নহ’ব।
বিষয়াগৰাকীয়ে কয় যে শুকুৰবাৰে থ মেৰামতি আৰু সুৰক্ষাৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত বেছ কেম্প দুটাৰ পৰা অমৰনাথ যাত্ৰা পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে ইয়াৰ বাবে বতৰৰ পৰিস্থিতিৰ ওপৰতে সকলো নিৰ্ভৰ কৰিব।
উল্লেখ্য যে, ৩ জুলাইৰ পৰা আৰম্ভ হোৱাৰ পিছৰে পৰা ২০২৫ চনৰ অমৰনাথ যাত্ৰাত এই পৰ্যন্ত ২.৪৭ লাখৰো অধিক তীৰ্থযাত্ৰীয়ে পবিত্ৰ গুহা দৰ্শন কৰিছে। যোৱা ২ জুলাইৰ পৰা জম্মু বেছ কেম্পৰ পৰা উপত্যকালৈ ৰাওনা হৈছে মুঠ ১,০১,৫৫৩ গৰাকী তীৰ্থযাত্ৰী, য’ত লেফটেনেণ্ট গৱৰ্ণৰ মোনজ সিনহাই প্ৰথমটো বেচক ফ্লেগ অফ কৰিছিল।
এই তীৰ্থযাত্ৰাৰ বাবে এই পৰ্যন্ত ৪ লাখৰো অধিক লোকে অনলাইন যোগে পঞ্জীয়ন কৰিছে। যোৱা বছৰ ৫.১০ লাখৰো অধিক তীৰ্থযাত্ৰীয়ে অমৰনাথ যাত্ৰা কৰিছিল।